Breaking News

মাজুলীৰ বিধায়ক পদ ত্যাগ সৰ্বানন্দ সোণোৱালৰ

ডিজিটেল ডেস্কঃ মাজুলীৰ বিধায়ক পদ ত্যাগ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। বিধানসভা অধ্যক্ষলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে, অসমৰ উপ নিৰ্বাচনৰ সমষ্টিৰ সংখ্যা বৃদ্ধি পাব পাৰে। ইতিমধ্যে নিৰ্বাচন আয়োগে অসমৰ ৫টা সমষ্টিত উপ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। ইয়াৰ পিছতেই ক্ষন্তেক সময়ৰ পূৰ্বে সৰ্বানন্দ সোণোৱালে মাজুলিৰ বিধায়ক পদ ত্যাগ কৰিছে। 

পূৰ্বে নিৰ্বাচন আয়োগে গোসাঁইগাঁও, ভবানীপুৰ, তামুলপুৰ, মৰিয়নী আৰু থাওৰাকে ধৰি ৫টা সমষ্টিৰ উপনিৰ্বাচনৰ দিন ঘোষণা কৰিছে যদিও মাজুলিসহ ৬ সমষ্টিৰ উপ-নিৰ্বাচন অহা ৩০ অক্টোবৰত অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱণা আছে। ২০১৬ আৰু ২০২১-ত মাজুলীৰ পৰা দুবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল সৰ্বানন্দ সোনোৱাল।

No comments