Breaking News

বিনা প্রতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ সৰ্বানন্দ সোনোৱাল

ডিজিটেল ডেস্কঃ বিনা প্রতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ সৰ্বানন্দ সোনোৱাল।আজি আনুষ্ঠানিকভাৱে ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হ’ল ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল। ৰাজ্যসভাৰ মনোনয়ন উঠাই লোৱাৰ আজি  অন্তিম দিন আছিল। যিহেতু অসমত খালী হৈ থকা ৰাজ্যসভাৰ একমাত্ৰ আসনখনৰ বাবে সোণোৱালৰ কোনো প্ৰতিদ্বন্দ্বী নাই সেয়েহে আজি ৰাজ্যসভাৰ সাংসদ হিচাপে ঘোষণা কৰা হ'ল সৰ্বানন্দ সোনোৱালৰ নাম।

বিজয়ৰ প্ৰমাণ পত্র সংগ্রহ কৰিলে সৰ্বানন্দ সোনোৱালে। সোণোৱালে এই দায়িত্ব লাভ কৰাৰ পিছতে ৰাজ্যৰ পাহাৰ-ভৈয়ামৰ জনতা আৰু বিজেপি, অগপ তথা ইউপিপিএল দলক ধন্যবাদ জ্ঞাপন কৰে।কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোনোৱালক সংগ দিয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্রী পীযুষ হাজৰিকাই। ৰাজ্যৰ জনতাৰ হকে সেৱা কৰিবলৈ সৰ্বানন্দ সোণোৱাল যথেষ্ট আগ্ৰহী।

No comments