Breaking News

অসমীয়াৰ স্বাভিমানক চূড়ান্ত অপমান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ


ডিজিটেল সংবাদ: ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা অসমীয়াৰ স্বাভিমান, সংস্কৃতিৰ প্ৰতীক শৰাই, জাপি আদিক চূড়ান্ত অপমান কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে।এই ঘটনা সংঘটিত হৈছে চামগুৰিৰ পক্ষীতীৰ্থ বিলৰ সমীপৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত। ফʼৰলেন যুক্ত পথ নিৰ্মাণৰ নামত পথ নিৰ্মাণকাৰী সংস্থাই তাত থকা এখন শিশু উদ্যানত জেচিপি, বুলডজাৰ চলাই এক প্ৰকাৰ অসমীয়া সংস্কৃতিৰ প্ৰতীকি ৰূপ দাঙি ধৰা এখন বৃহৎ আকাৰৰ শৰাই, মহাপুৰুষ জনাৰ অমৰ সৃষ্টি খোলৰ সৈতে থকা এটা জাপি, মʼহৰ শিঙৰ পেঁপাৰ সৈতে থকা খুতি-তাল আদি ভাঙি পেলোৱাৰ দৃশ্য‌ই প্ৰতিজন অসমীয়াৰ মনত আঘাত দিছে।

উক্ত ঘটনাৰ পাছতেই বিধায়ক ৰকিবুল হুছেইন উপস্থিত হৈ সমগ্র বিষয়টো পৰ্যবেক্ষণ কৰে।আনহাতে,এই ঘটনাৰ পিছতে অসম চৰকাৰে তৎপৰতাৰে পদক্ষেপ লৈছে। আজি ঘটনাস্থলীত মন্ত্রী পীযুষ হাজৰিকা উপস্থিত হৈ ঘটনা সংঘটিত হোৱা স্থানৰ কিছু নিলগত পুনৰ অসমীয়াৰ স্বাভিমান শৰাই-জাপি প্ৰতিষ্ঠা কৰা হ'ব বুলি মন্তব্য কৰে।



No comments