Breaking News

সমগ্র কাৰ্বি আংলং জিলা কঁপাই যোৱা দুই কণমানি কিশোৰীৰ হত্যা কাণ্ডৰ মূল হত্যাকাৰীক গ্ৰেপ্তাৰ

ৰঞ্জিত বৰা, বোকাজানঃ সমগ্র কাৰ্বি আংলং জিলা কঁপাই যোৱা দুই কণমানি কিশোৰীৰ হত্যা কাণ্ডৰ মূল হত্যাকাৰীক গ্ৰেপ্তাৰ। কাৰ্বি পাহাৰৰ কয়লামাটিৰ দৈগ্ৰোঙ নদীত মাছ মাৰিবলৈ যাওঁতে হত্যা কৰিছিল দুই কিশোৰীক। এটা ১৬ বছৰীয়া নাবালকে হত্যা কৰিছিল দুই কণমানি কিশোৰীক। নাৰকীয় হত্যা কাণ্ড সংঘটিত কৰা ল'ৰাজন একেখন গাঁৱৰে বুলি জানিবলৈ দিছে আৰক্ষীয়ে। হত্যাকাণ্ডৰ মূল অভিযুক্ত ১৬ বছৰীয়া এজন নাবালক ডিলাইৰ পৰা আটক কৰে আৰক্ষীয়ে। 



প্ৰথমে কিশোৰী গৰাকীক ধৰ্ষণ কৰিবলৈ লওঁতে কিশোৰী গৰাকীয়ে টনা আজোৰা কৰাত নিৰ্মমভাৱে হত্যা কৰি পেলাই দিয়ে। তাৰ পিছতে সকলোবোৰ কাণ্ড দেখি থকা আনগৰাকী কিশোৰীকো হত্যা কৰে কিশোৰজনে। সম্পূৰ্ণ এমাহৰ অন্তত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় হত্যাকাৰীক। বৰ্তমান ১৬ বছৰীয়া নাবালক জনক ডিফুলৈ প্ৰেৰণ কৰা হৈছে।

No comments