Breaking News

গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত অসমীয়া সাহিত্যৰ দুই মহীৰূহ প্ৰয়াত হোমেন বৰগোহাঞি আৰু ড০ লক্ষ্মীনন্দন বৰাৰ স্মৃতিচাৰণ সভা সম্পন্ন

সিদ্ধাৰ্থ সন্দিকৈ,গোলাঘাটঃ গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত দেওবাৰে অসমীয়া সাহিত্যৰ দুই মহীৰূহ ,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিদ্বয় প্ৰয়াত হোমেন বৰগোহাঞি আৰু ড০ লক্ষ্মীনন্দন বৰাৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। গোলাঘাট শাখা সাহিত্য সভাৰ কাৰ্যালয় পণ্ডিত হেমচন্দ্ৰ গোস্বামী স্মৃতি ভৱনত অনুষ্ঠিত হোৱা সভা খনত সভাপতিত্ব কৰে গোলাঘাট শাখা সাহিত্য সভাৰ সভাপতি অনিল শৰ্মাই। গোলাঘাটৰ বহু সাহিত্যানুৰাগীৰ উপস্থিতিত এই সভাত দুয়ো গৰাকী পুৰোধা সাহিত্যিকৰ সৃষ্টিৰাজিৰ বিষয়ে আলোকপাত কৰে দুগৰাকী ছাত্র ছাত্ৰীয়ে। 

ড০ লক্ষ্মীনন্দন বৰাৰ বহু সমাদৃত গ্ৰন্থ "কায়কল্প' ৰ আলোকপাত কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰাৰম্ভিক বৰ্ষৰ ছাত্ৰী ঋষিকন্যা বাৎসই আৰু হোমেন বৰগোহাঞিৰ সমাদৃত গ্ৰন্থ 'পিতাপুত্ৰ"ৰ আলোকপাত কৰে ফৰকাটিং চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ নীলাভ নয়ন সন্দিকৈয়ে। ক'ভিডৰ বাবে পলমকৈ অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাৰ আৰম্ভণিতে প্ৰয়াত হোমেন বৰগোহাঞি  আৰু ড০ লক্ষ্মীনন্দন বৰাৰ   প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন আৰু  পুষ্পাঞ্জলি অৰ্পণ কৰে গোলাঘাট শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডা: অজিত বৰুৱাই । 

গোলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক বনশ্ৰী কাকতিয়ে আঁত ধৰা এই স্মৃতিচাৰণ সভাতে শিক্ষক প্ৰণৱজ্যোতি শইকীয়াৰ শিশু কবিতা পুথি 'মনলৈ আহে উভতি ' উন্মোচন কৰে  গোলাঘাট শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ক্ষীৰোদ কুমাৰ গোস্বামীয়ে।

No comments