Breaking News

প্ৰসিদ্ধ বিজ্ঞানী ড০ বিনয় কুমাৰ শইকীয়ালৈ শান্তিস্বৰূপ ভাটনাগৰ বঁটা

ডিজিটেল সংবাদ,গোলাঘাটঃ অসমৰ বিজ্ঞান জগতৰ বাবে এক সুখবৰ। ৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি অৰ্জন অসমৰ বিজ্ঞানীৰ। চলিত বৰ্ষৰ বাবে শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰিছে গোলাঘাট তথা অসমৰ প্ৰসিদ্ধ বিজ্ঞানী ড° বিনয় কুমাৰ শইকীয়াই। এই সন্মান লাভ কৰা ড° বিনয় কুমাৰ শইকীয়া হৈছে পঞ্চমগৰাকী অসমীয়া। শান্তি স্বৰূপ ভাটনাগৰ বঁটা হৈছে ভাৰতৰ বিজ্ঞান ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান। বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰৰ ৬ টা শাখাত প্ৰদান কৰা এই বঁটা ড° শইকীয়াই ‘‘ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহগতি বিজ্ঞান’’(Earth, Ocean, Atmosphere and Planetary Science)শাখাত লাভ কৰিছে। 

ড০ শইকীয়া ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনৰ বৈজ্ঞানিক আৰু উদ্যোগিক গৱেষণা পৰিষদ (CSIR)ৰ যোৰহাটস্থিত শাখা উত্তৰ-পূৱ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (NEIST)ৰ গৱেষক বিজ্ঞানী। ৰসায়ন বিজ্ঞানৰ পিএইচডি ডিগ্ৰীধাৰী ড০ বিনয় কুমাৰ শইকীয়া। গোলাঘাটৰ জোনাকী নগৰত জন্মলাভ কৰা ড০ বিনয় কুমাৰ শইকীয়াই গোলাঘাটৰ দেৱৰাজ ৰয় কলেজৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত অসমত থাকিয়েই গৱেষণা কৰি লাভ কৰিছে এই বিৰল সন্মান। 

প্ৰসিদ্ধ বিজ্ঞানী ড° শইকীয়াই কৰ্কট ৰোগৰ কোষ চিনাক্তকৰণৰ বাবে দেহৰ কৰ্কট আক্ৰান্ত কোষ নিৰূপণকে ধৰি চিকিৎসাক্ষেত্ৰত কাৰ্বন আধাৰিত এক অতি ক্ষুদ্ৰাকৃতিৰ পদাৰ্থ ব্যৱহাৰ কৰা  উৎপাদনৰ এনে এক কৌশল উদ্ভাৱন কৰিলে যি পদ্ধতিয়ে CQDৰ খৰচ আমদানিকৃত CQDৰ বিশ ভাগৰ এভাগলৈ হ্ৰাস কৰিলে৷ শইকীয়াৰ উদ্ভাৱনী গুণৰ বাবেই তেওঁৰ নামত ভাৰত আৰু আমেৰিকাত মুঠতে চাৰিটাকৈ পেটেণ্ট আছে। 

এই সন্মান প্ৰাপ্তিয়ে এই এইগৰাকী অসমীয়া বিজ্ঞানীয়ে গোলাঘাট তথা অসমবাসীক গৌৰৱান্বিত কৰি তুলিছে। এই সন্মানে অসমৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনত অধ্যয়ন আৰু গৱেষণাৰ দিশত অসমৰ নতুন প্ৰজন্মক আগবঢ়াই নিয়াত অৰিহণা যোগাব।

No comments