Breaking News

চুঙাজানত হিৰ'ইন আৰু ব্ৰাউন চুগাৰসহ তিনিজনক আটক

 

মাধুৰ্য কোঁৱৰ,ধনশিৰিঃ সমগ্ৰ ৰাজ্যতে আৰক্ষীয়ে  ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰখাৰ সমান্তৰালকৈ গোলাঘাট জিলাৰ ধনশিৰি মহকুমা আৰক্ষীয়েও অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান। যোৱা ১১ আৰু ১২ চেপ্তেম্বৰত পৃথকে পৃথকে নিষিদ্ধ ড্ৰাগছসহ  তিনিজন লোকক বৰপথাৰৰ শিমলুচাপৰিৰ পৰা  আটক কৰিবলৈ সক্ষম হৈছিল  ধনশিৰি মহকুমা আৰক্ষী বিভাগ। তাৰ  কেইটামান দিনৰ পিছতেই ধনশিৰি মহকুমাৰ চুঙাজান আৰক্ষী থানাৰ অন্তৰ্গত নাওঘাটত ধনশিৰি মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞা আৰু চুঙাজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত শনিবাৰে নিষিদ্ধ হেৰই'নসহ এজনক আটক কৰিবলৈ সক্ষম হয়। 

শনিবাৰে বিয়লি  মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত এটি আৰক্ষীৰ দলে চলোৱা  নিয়মীয়া তালাচীত নিষিদ্ধ হিৰ'ইনসহ এজন যুৱকক আটক কৰে। ধৃত যুৱকজনৰ পৰা প্ৰায় ১.৬৮ গ্ৰাম ওজনৰ নিষিদ্ধ  হিৰ'ইন আৰক্ষীয়ে জব্দ কৰিছে। ধৃত যুৱকজন নাগালেণ্ডৰ ডিমাপুৰৰ সাত মাইলৰ চিৰাজুল আলি(২৩) বুলি জানিব পৰা গৈছে। ধৃত যুৱক জনৰ বিৰুদ্ধে ইতিমধ্যে চুঙাজান আৰক্ষীয়ে ২০/২১,ই/এচ২২(বি)২৭ নং গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। 

উল্লেখ্য যে যোৱা ২৩ চেপ্তেম্বৰ তাৰিখে সেই একেই স্থানৰ পৰাই কাৰ্বি আংলং জিলাৰ বোকাজানৰ দিশৰ পৰা আহি থকা অৱস্থাত ধনশিৰি মহকুমা আৰক্ষীয়ে প্ৰায় ১৩.৬৭  গ্ৰাম ওজনৰ নিষিদ্ধ ব্ৰাউন চুগাৰসহ দুজন লোকক আটক কৰিছিল। ধৃত লোক দুজন আছিল মৰিগাঁও জিলাৰ সাপখাটীৰ ছায়দুল ইছলাম আৰু আবুল কালাম । আনহাতে আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি ধৃত  ছায়দুল ইছলাম কাৰ্বি আংলং জিলাৰ খটখটী আৰক্ষী থানাৰ গোচৰ নং ১৩৮/২১ইউ/এচ২১(বি)/২৯ এন ডি পি এচ আইনৰ অধীনত ৱাণ্টেড হৈ আছিল। 

ধনশিৰি মহকুমাৰ লগতে সমগ্ৰ ৰাজ্যখনত এনেদৰে প্ৰায় প্ৰত্যেক দিনাই নিষিদ্ধ ড্ৰাগছৰ সৈতে সৰবৰাহকাৰী আৰু সেৱনকাৰী আটক হোৱা ঘটনাই ৰাজ্যখনত যে নিষিদ্ধ সামগ্ৰীৰ ৰমৰমীয়া বেহা এতিয়াও অব্যাহত আছে তাকেই প্ৰতিপন্ন কৰিছে  ।

No comments