Breaking News

গোলাঘাটত হৃদৰোগৰ সজাগতা আৰু হৃদযন্ত্ৰৰ পৰীক্ষা শিবিৰ

ডিজিটেল সংবাদ,গোলাঘাটঃ হৃদৰোগ সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে আৰু লগতে এক বিনামূলীয়া হৃদযন্ত্ৰৰ পৰীক্ষাৰ শিবিৰ আজি গোলাঘাটত অনুষ্ঠিত কৰা হয়। লায়ন্স ক্লাৱ গোলাঘাটৰ উদ্যোগত আৰু মাৰোৱাৰী যুৱ মঞ্চ গোলাঘাট শাখাৰ সহযোগত আজি গোলাঘাটৰ গুণাভিৰাম ভৱন প্ৰাংগণত থকা লায়ন্স ক্লাৱ বহুমুখী সেৱা কেন্দ্ৰত অনুষ্ঠিত কৰা এই শিবিৰত গুৱাহাটীস্থিত হায়াট চুপাৰ স্পেচিয়েলটি হস্পিটেলৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন হৃদৰোগ বিশেষজ্ঞ ডাঃ চিন্ময় মজুমদাৰৰ নেতৃত্বত চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ এটা দলে ৰোগীসকলৰ হৃদযন্ত্ৰ পৰীক্ষা কৰে। 

শিবিৰত ডাঃ চিন্ময় মজুমদাৰক সহযোগিতা আগবঢ়ায় হায়াট চুপাৰ স্পেচিয়েলটি হস্পিটেলৰ আন দুজন হৃদৰোগ বিশেষজ্ঞ ডাঃ অমৃত ৰাওট আৰু ডাঃ শ্বেখ আফজুল্লা ৰহমানে। কাৰ্যসূচীৰ আৰম্ভণিতে লায়ন্স ক্লাৱ গোলাঘাটৰ নৱ নিযুক্ত সভাপতি ভাস্কৰ কাকতিৰ সঞ্চালনাত অনুষ্ঠিত চিনাকি পৰ্ব আৰু সম্বৰ্ধনা অনুষ্ঠানত হায়াট হস্পিটেলৰ তিনি হৃদৰোগ বিশেষজ্ঞ আৰু মাৰোৱাৰী যুৱ মঞ্চ গোলাঘাট শাখাৰ সভাপতি অনুপ আগৰৱালাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।  আজিৰ শিবিৰত গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ডেৰ শতাধিক লোকৰ হৃদযন্ত্ৰৰ পৰীক্ষা কৰা হয়।

No comments