Breaking News

১ অক্টোবৰত পৰ্য্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ডিজিটেল সংবাদ,কাজিৰঙাঃ ২২ ছেপ্টেম্বৰত বোকাখাতত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পৰ্যটন উদ্যোগৰ লগত জড়িত লোকসকলৰ ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটক বাবে মুকলি কৰাৰ কথা শুনি প্ৰাণ পাই উঠিছে কাজিৰঙাৰ পৰ্যটন উদ্যোগৰ লগত জড়িত সকলো। ১ অক্টোবৰৰ পৰা মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। প্রথমে কাজিৰঙাৰ বাগৰি আৰু কহঁৰা বনাঞ্চল পৰ্যটকৰ বাবে মুকলি কৰিবলৈ প্ৰস্তুতি চলাইছে বন বিভাগে, পিছৰ পৰ্য্যায়ত মুকলি হ'ব অগৰাতলি আৰু বুঢ়াপাহাৰ বনাঞ্চল। আনহাতে, প্ৰত্যেক বছৰৰ দৰে এইবাৰো ১ নৱেম্বৰত মুকলি হ'ব হাতী ছাফাৰি। 

এইবাৰ কাজিৰঙাত নাথাকিব কভিদ বিধি। প্ৰস্তত কৰি তুলা হৈছে পৰ্যটক থকা আবাস গৃহসমূহ, নতুন কৰি তুলা হৈছে পৰ্যটক কঢ়িওৱা জীপচি গাড়ীসমূহ ,ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলেও ব্যস্ত হৈ পৰিছে নিজৰ নিজৰ দোকানসমূহ সজোৱাত।উল্লেখযোগ্য যে, কৰ'নাৰ ত্ৰাসৰ  বাবে যোৱা বছৰো নিদিষ্ট সময়ৰ আগতে কাজিৰঙা বন্ধ হৈ পৰিছিল আৰু লগতে বন্ধ হৈ পৰিছিল পৰ্য্যটন ক্ষেত্ৰৰ লগত জড়িত সকলো ব্যৱসায়। সংকটত পৰিছিল স্থানীয় যুৱকসকল, ঘৰে ঘৰে পৰি ৰৈছিল জীপ ছাফাৰি কৰা জীপচিসমূহ। 

এইবাৰ অৰ্থাৎ ২০২১-২২ পৰ্যটন বৰ্ষ ১ অক্টোবৰৰ পৰা খোলাৰ বাবে মুখ্যমন্ত্ৰীয়ে লোৱা পদক্ষেপক সকলোৱে আদৰণি জনাইছে। কাজিৰঙাৰ পৰ্যটন ব্যৱসায়ৰ লগত জড়িত সকলোৱে এতিয়া প্ৰস্তত হৈছে পৰ্যটকক আদৰিবলৈ। এক কথাত ক'বলৈ গ'লে লকডাউনে জুৰুলা কৰা সকলোৰে মুখত এতিয়া আহিছে ন আশাৰ ৰেঙনি।

No comments