Breaking News

সৰুপথাৰ নগৰত একেদিনাই দুটাকৈ চুৰি কাণ্ড

মাধুৰ্য কোঁৱৰ,ধনশিৰিঃ সৰুপথাৰ নগৰত শুক্রবাৰে নিশা দুটাকৈ চুৰি কাণ্ড সংঘটিত হৈছে। প্ৰাপ্ত তথ্য অনুসৰি সৰুপথাৰ নগৰৰ ২নং ৱাৰ্ডত থকা গান্ধী মূৰ্তিৰ সমীপত নিপুন ডেকা নামৰ এজন ব্যৱসায়ীৰ দোকানৰ চাটাৰ ভাঙি প্ৰায় ৩০ হাজাৰ টকাৰ মূল্যবান সামগ্ৰী আৰু নগদ দুহেজাৰ টকা লৈ যায়। ব্যৱসায়ী জনে শুক্রবাৰে দিনৰ ভাগত আগন্তুক দূৰ্গা পূজাৰ বাবে নিজৰ দোকানখনত যথেষ্ট পৰিমাণৰ নতুন সামগ্ৰী ভৰাইছিল। 

ইফালে,একেনিশাই সৰুপথাৰ নগৰৰ ৪ নং ৱাৰ্ডৰ মনোজ চাহ নামৰ এজন ব্যক্তিৰ ঘৰৰ পিছফালৰ খিৰিকিয়েদি চুৰ সোমাই দুটাকৈ ৰূপৰ আঙঠি আৰু এটিএম কাৰ্ড লৈ উধাও হয়। লগতে ঘৰখনৰ কিছুমান সামগ্ৰী ৰাস্তাত পেলাই থৈ যায়। 

দূৰ্গা পূজাৰ প্ৰাকক্ষণত সৰুপথাৰ নগৰৰ মাজমজীয়াত এনেদৰে একেদিনাই দুটাকৈ চুৰি কাণ্ড হোৱা ঘটনাই গভীৰ ভাৱে চিন্তিত কৰি তুলিছে সকলো ব্যৱসায়ীক। স্থানীয় ব্যক্তিয়ে সম্পূৰ্ণ বিষয়টোত আৰক্ষীৰ বিফলতা বুলি প্ৰকাশ কৰিছে।

No comments