Breaking News

চৰাইদেউত উদ্ধাৰ এটা দুষ্প্রাপ্য লাজুকী বান্দৰ

মৃত্যুঞ্জয় দাস,সোণাৰিঃ চৰাইদেউ জিলাৰ নাফুকস্থিত আঞ্চলিক বন বিভাগৰ অন্তৰ্গত চলা গ্ৰাম্য অভয়াৰণ্যৰ কাষৰীয়া দেওধাই গাঁৱৰ বিপুল বৰুৱাৰ ঘৰত উদ্ধাৰ এটা দুষ্প্রাপ্য লাজুকী বান্দৰ । শুক্ৰবাৰে সন্ধ্যা বিপুল বৰুৱাই নিজ গৃহৰ চৌহদত এই লাজুকী বান্দৰটো প্ৰত্যক্ষ কৰে। প্ৰত্যক্ষ কৰি বৰুৱাই লাজুকী বান্দৰটো উদ্ধাৰ কৰে আৰু স্থানীয় চলা অভয়াৰণ্যৰ বিট অফিচত খবৰ দিয়ে। আজি পুৱা বন বিভাগ আৰু স্থানীয় প্ৰকৃতিপ্ৰেমীৰ উপস্থিতিত অভয়াৰণ্যত এৰি দিয়াৰ ব্যৱস্থা কৰে লগতে চলা গ্ৰাম্য অভয়াৰণ্য সংৰক্ষণ সমিতিৰ লোকে দুষ্প্রাপ্য বান্দৰটো পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিছে। 

উল্লেখযোগ্য যে, ২০০৮ চনত অতি দুষ্প্রাপ্য সম্পদৰ তালিকাত স্থান পোৱা এই লাজুকী বান্দৰে দিনত ভাল দৰে চকুৰে নেদেখে । যাৰ বাবে চৰাই, মাখি আদিয়ে আক্ৰমণ কৰাৰ বাবে বনাঞ্চলৰ পৰা জনাঞ্চলৈ ওলাই আহে।

No comments