Breaking News

বিভাগীয় বিষয়াৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ বৈঠক: ধেমাজি-লখিমপুৰ-মাজুলীত আৰম্ভ হ'ব লগা বিভাগীয় কামৰ পৰ্যালোচনা

বিভাগীয় বিষয়াৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ বৈঠক: ধেমাজি-লখিমপুৰ-মাজুলীত আৰম্ভ হ'ব লগা বিভাগীয় কামৰ পৰ্যালোচনা 

মন্ত্ৰী ৰণোজ পেগু - সাংসদ প্ৰদান বৰুৱাৰ উপস্থিতিত ধেমাজি-লখিমপুৰৰ বান নিয়ন্ত্ৰণক লৈ আলোচনা



ডিজিটেল সংবাদ, দিছপুৰঃ অসম চৰকাৰৰ জলসম্পদ দপ্তৰৰ মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকাই আজি জনতা ভৱনৰ নিজা কাৰ্যালয়ৰ সভাকক্ষত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ শ্ৰী প্ৰদান বৰুৱা আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ধেমাজি সমষ্টিৰ বিধায়ক ডা: ৰণোজ পেগুৰ উপস্থিতিত জলসম্পদ বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে | বিভাগৰ মুখ্য অভিযন্তা আৰু ধেমাজি, লখিমপুৰ আৰু মাজুলী জিলাৰ জলসম্পদ বিভাগৰ বিষয়াসকলৰ সৈতে হোৱা এই বৈঠকত জিলা তিনিখনৰ বান নিয়ন্ত্ৰণ তথা খহনীয়া ৰোধৰ বাবে আৰম্ভ কৰিবলগীয়া কামৰ বিষয়ে আলোচনা কৰা হয় | উল্লেখযোগ্য যে বিগত সপ্তাহত দ্বিতীয়বাৰৰ বাবে ধেমাজি জিলাৰ জীয়াধল আৰু গাই নদী পৰিদৰ্শন কৰি অহাৰ পাছত মন্ত্ৰীগৰাকীয়ে ধেমাজিবাসীক বানৰ পৰা পৰিত্ৰাণ দিবলৈ জীয়াধল নদীৰ মথাউৰি নিৰ্মাণ তথা নদী খনন আৰু খহনীয়া প্ৰতিৰোধৰ বাবে আৰম্ভ হ’ব লগা কামৰ আজি পৰ্যালোচনা কৰে | প্ৰায় ৫০ কোটি টকা ব্যয়েৰে হ’ব লগা জীয়াধল নদীৰ মথাউৰি আৰু খহনীয়া ৰোধৰ কাম অতি নিয়াৰিকৈ আৰম্ভ কৰিবৰ বাবে মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে |



জীয়াধলৰ লগতে ধেমাজি, লখিমপুৰ আৰু মাজুলী জিলাৰ বিভিন্ন স্থানত অহা নৱেম্বৰ-ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হ’ব লগা মথাউৰি নিৰ্মাণ আৰু আন কামবোৰো বাচনি কৰি এই কামবোৰৰ বিষয়েও আজিৰ বৈঠকত আলোচনা কৰা হয় | মন্ত্ৰীগৰাকীয়ে, স্থায়ীভাৱে কৰিবলগীয়া এই কামবোৰৰ বাবে সংশ্লিষ্ট সকলো বিষয়া-অভিযন্তাকে প্ৰয়োজনীয় নিৰ্দেশ প্ৰদান কৰে | বৈঠকত উপস্থিত থাকি সাংসদ শ্ৰী প্ৰদান বৰুৱা আৰু মন্ত্ৰী ডা: ৰণোজ পেগুয়েও জলসম্পদ বিভাগৰ বিষয়াসকলৰ পৰা আৰম্ভ হ’ব লগা স্থায়ী কামৰ বিষয়ে বুজ লয় আৰু তেওঁলোকৰ উপদেশ প্ৰদান কৰে | আনহাতে মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকাই অতি স্পৰ্শকাতৰ অঞ্চলসমূহতহে এইবাৰ খহনীয়া ৰোধৰ কাম কৰা হ’ব বুলি উল্লেখ কৰি সকলোকে নতুন মথাউৰি নিৰ্মাণত গুৰুত্ব দিবলৈ আৰু অতি স্পৰ্শকাতৰ অঞ্চলসমূহত খহনীয়া ৰোধৰ কাম চলাই যাবলৈ বিভাগীয় বিষয়া-অভিযন্তাক নিৰ্দেশ দিয়ে |

No comments