Breaking News

গোলাঘাটত মহামানৱ মহাত্মা গান্ধীৰ জন্ম দিৱস পালন

ডিজিটেল সংবাদ, গোলাঘাটঃ ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আৰু অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ পৃষ্ঠপোষকতাত গোলাঘাট জিলা আইন সেৱা প্ৰাধিকৰণ, জিলা প্ৰশাসন, নেহেৰু যুৱ কেন্দ্ৰ, গোলাঘাট লায়ন্স ক্লাৱ, মাৰোৱাৰী সন্মিলন আৰু চেম্বাৰ অফ কমাৰ্চৰ সহযোগত গান্ধী জয়ন্তী উপলক্ষে আজি পুৱা গোলাঘাট নগৰৰ পৌৰসভাৰ কাৰ্য্যালয়ৰ সন্মুখত থকা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ পৰা আইন সেৱা আৰু স্বচ্ছ ভাৰত সম্পৰ্কীয় এটা সজাগতামূলক পদযাত্ৰা উলিওৱা হয় । 

এই পদযাত্ৰা জিলা উপায়ুক্ত  মৃগেশ নাৰায়ণ বৰুৱা, জিলা ও সত্ৰ ন্যায়াধীশ বিনোদ কুমাৰ চন্দক, আৰক্ষী অধীক্ষক  চুমিত শৰ্মাই পতাকা জোকাৰি মুকলি কৰে । ইয়াৰ পূৰ্বে গান্ধীজীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন আৰু পুষ্পার্ঘ অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰা হয় । অনুষ্ঠানত  যোগেশ চৰণ, নেহেৰু যুৱ কেন্দ্ৰৰ গোলাঘাট জিলাৰ বিষয়া, মাৰোৱাৰী সন্মিলনৰ সভাপতি  জে.কে.মালপানী, জে.চি.এল গ্ৰুপৰ সভাপতি  প্রিয়ংক খৈতান, লায়ন্স ক্লাৱৰ সভাপতি ভাস্কৰ কাকতি, মাৰোৱাৰী যুৱ মঞ্চৰ সভাপতি  অনুপ আগৰৱালা, অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনৰ সভানেত্ৰী অঞ্জনা আগৰৱালা, ইউনাইটেড চেম্বাৰ অব কমাৰ্চৰ সভাপতি পৱন বাহাতীয়া, অসম চেম্বাৰ অব কমাৰ্চৰ সভাপতি মনোজ জালানে সহযোগিতা আগবঢ়ায় । 

অনুষ্ঠানটোৰ আঁত ধৰে জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব নাৰায়ণ কুৰিয়ে । অনুষ্ঠানত গোলাঘাটৰ মুখ্য ন্যায়িক দণ্ডাধীশ কিৰণ লাল বৈষ্ণৱ আৰু অতিৰিক্ত উপায়ুক্ত মুন গগৈকে প্ৰমুখ্য কৰি সকলো ন্যায়িক বিষয়া আৰু প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া উপস্থিত আছিল ।

No comments