Breaking News

গোলাঘাটৰ ধৰ্মপৰায়ণ মহিলা সুপ্রভা গোস্বামীৰ দেহাৱসান

ডিজিটেল সংবাদ,গোলাঘাটঃ গোলাঘাট ষ্টেচন ৰোডৰ নিবাসী প্ৰয়াত গোপিকা বল্লভ  গোস্বামীৰ পুত্ৰবধু, প্ৰয়াত হৰেশ চন্দ্র গোস্বামীৰ সহধর্মিনী সুপ্রভা গোস্বামীৰ পৰলোকপ্ৰাপ্তি ঘটে। সুপ্ৰভা গোস্বামী গোলাঘাটৰ এগৰাকী ধৰ্মপৰায়ণ  আৰু সৰবৰহী মহিলা আছিল। গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত শুক্রবাৰে তেওঁ শেষ নিঃশ্বাস ত্যাগ কৰে।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৬ বছৰ। তেওঁ তিনি পুত্র, বোৱাৰী, নাতি-নাতিনীসহ বহু আত্মীয় স্বজনক এৰি থৈ যায়। তেওঁৰ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে।

No comments