Breaking News

শ্বেৰমান আলীৰ প্ৰতিকৃতি দাহৰে ৰাজ্যজুৰি অগপৰ উত্তাল প্ৰতিবাদ

ডিজিটেল সংবাদ,গুৱাহাটীঃ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীয়ে অসম আন্দোলনৰ জাতীয় শ্বহীদ সকলক হত্যাকাৰী আখ্যাৰে চূড়ান্ত অপমান কৰাৰ প্ৰতিবাদত আজি ৰাজ্যজুৰি অসম গণ পৰিষদ দলে সকলো জিলা সদৰতে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।এক প্ৰেছ বিজ্ঞপ্তিত দলৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই কয় যে, বিধায়ক শ্বেৰমান আলীয়ে বাংলাদেশীক পৃষ্ঠপোষকতা কৰি জনপ্ৰতিনিধিৰ দায়বদ্ধতা আৰু নীতি-নিয়ম পাহৰি নিকৃষ্টতাৰ সীমা অতিক্ৰম কৰিছে। 

শ্বেৰমান আলী অসম বিৰোধী আৰু অসমৰ বাবে ভাবুকি স্বৰূপ বুলি অভিহিত কৰি পুনৰবাৰ কংগ্ৰেছ দলৰ নিৰ্লজ চৰিত্ৰ উন্মোচিত হ’ল বুলিও মতপোষণ কৰে। শ্বেৰমান আলীৰ অপমানসূচক অসম বিৰোধী মন্তব্যৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যখনতে উত্তল প্ৰতিবদ দলটোৰ সদস্যসকলে সাব্যস্ত কৰে বুলি জানিবলৈ দিয়ে। গুৱাহাটীৰ আমবাৰী অগপ মুখ্য কাৰ্য্যালয়ৰ সন্মুখতে ৰাজপথত শতাধিক দলীয় সদস্যই কংগ্ৰেছী বিধায়গৰাকীৰ প্ৰতিকৃতি দাহ কৰি উত্তাল কৰি তোলে। 

দলৰ ডিব্ৰুগড়, বৰপেটা, মঙ্গলদৈ, ধেমাজী, তেজপুৰ, বিশ্বনাথ, নলবাৰী, বঙাইগাওঁ, মাজুলী,জালুকবাৰী সমষ্টিৰ আমিনগাঁও,নগাওঁ, মৰিগাওঁ, ৰঙিয়া,ধুবুৰী,লখিমপুৰ,গোৱালপাৰা,যোৰহাট,বজালী আদিত জিলা সমিতি আৰু বিধান পৰিষদে শ্বেৰমান আলীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদমুখৰ হৈ পৰে।

No comments