Breaking News

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিম বনাঞ্চল বাগৰিত জীপ চাফাৰিৰ শুভাৰম্ভ

ডিজিটেল সংবাদ,কলিয়াবৰঃ ২০২১-২২ পৰ্যটন বৰ্ষৰ পৰ্যটকৰ বাবে আজিৰে পৰা পুনৰ মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় ঊদ্যানৰ কহৰা বনাঞ্চলৰ মিহিমুখত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত ফিটা কাটি পৰ্যটকৰ বাবে  মুকলি কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। 

একেদৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলো সজাই পৰাই তোলা হৈছে পৰ্যটকক আদৰিবলৈ। কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিম বনাঞ্চল বাগৰিত ফিটা কাটি জীপ চাফাৰিৰ শুভাৰম্ভ কৰে। 

ইতিমধ্যে পৰ্যটকক আদৰিবলৈ সাজু হৈছে জীপ চালক সকলো। মু্ঠ ৮৫ খন জীপেৰে বাগৰি বনাঞ্চলত দেশী-বিদেশী পৰ্যটকক আদৰিবলৈ সম্পূৰ্ণ সাজু হৈছে জীপ চালকসকল। বিগত বৰ্ষত কৰুণাকালীন প্ৰতিকুলতাৰ বাবে আৰ্থিক ভাৱে লোকচানৰ সন্মুখীন হোৱা জীপ চালকসকলে এইবেলি কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰলৈ ভাল পৰিৱেশ ঘূৰি আহিব বুলি আশা কৰিছে বাগৰিৰ জীপ চালক সকলে।

No comments