Breaking News

বিপদত বিতৰ্কিত বিধায়ক শ্বেৰমান আলী

ডিজিটেল সংবাদঃ বিপদত বিতৰ্কিত বিধায়ক শ্বেৰমান আলী। কংগ্রেছ বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ। ছহিদক অপমান সূচক মন্তব্য কৰি বিপদত শ্বেৰমান আলী। প্ৰদেশ কংগ্রেছে বিধায়ক শ্বেৰমান আলীলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে।বিতৰ্কিত কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীয়ে অসম আন্দোলনৰ শ্বহীদক ঘাটক আখ্যা দিছিল।

দলৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ লগতে সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগ বিধায়কগৰাকীৰ বিৰুদ্ধে।ইয়াৰ পূৰ্বেও দুবাৰকৈ সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰা বুলি উল্লেখ আছে শ্ব’কজত। বিধায়কগৰাকীৰ এনে মন্তব্যক বিজেপিকে প্ৰত্যক্ষভাৱে সহায় কৰা বুলি উল্লেখ শ্ব’কজত।

মুখ্যমন্ত্ৰীৰ সৈতে থকা ঘনিষ্ঠতাৰ বাবে কংগ্ৰেছৰ ভাৱমূৰ্তি ধ্বংস কৰিবলৈ এনে মন্তব্য প্ৰকাশ কৰা বুলি উল্লেখ।তিনিদিনৰ ভিতৰত শ্বেৰমান আলীক কাৰণ দৰ্শোৱাৰ নিৰ্দেশ। নহ'লে দলে গ্ৰহণ কৰিব অনুশাসনমূলক ব্যৱস্থা। উল্লেখ্য যে, শ্বেৰমানৰ এনে বিতৰ্কিত মন্তব্যই এতিয়া শলঠেকত পেলাইছে কংগ্ৰেছক।

No comments