Breaking News

চাংসাৰিত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ই-শ্ৰম পৰ্টেল উদ্ধোধন

পঙ্কজ নাথ,চাংসাৰিঃ‘‘শ্ৰমিকসকলে চৰকাৰৰ সকলো জনকল্যাণমূলক আঁচনিৰ সুবিধা লাভ কৰাত সহায়ক হোৱাকৈ দেশৰ অসংগঠিত শ্ৰমিকসকলৰ ৰাষ্ট্ৰীয় তথ্য কোষ প্ৰস্তুত কৰিবলৈ ই-শ্ৰম পঞ্জীয়নৰ ব্যৱস্থা কৰা হৈছে আৰু এটকাও খৰচ নকৰাকৈ এই পঞ্জীয়ন কৰি বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ আমাৰ শ্ৰমিকসকল আগবাঢ়ি আহক৷’’–ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে বৃহস্পতিবাৰে কামৰূপ জিলাৰ চাংসাৰিস্থিত শৰাইঘাট মহাবিদ্যালয়ত অনুষ্ঠিত অসংগঠিত শ্ৰমিকৰ সজাগতা সভাত অংশগ্ৰহণ কৰি এইদৰে কয়৷ 

তেওঁ লগতে কয় যে চৰকাৰে মুকলি কৰা পৰ্টেলত নাম পঞ্জীয়ন কৰি আধাৰ কাৰ্ডৰ লেখীয়া এখন কাৰ্ড লাভ কৰাৰ উপৰি শ্ৰমিকসকলে ২ লাখ টকাৰ বীমাৰ সুবিধাও পাব৷ এই প’ৰ্টেলৰ যোগেদি নাম পঞ্জীয়ন কৰিবলৈ বেংক একাউণ্ট, আধাৰ কাৰ্ড আৰু ফোন নম্বৰ বাধ্যতামূলক হোৱাৰ লগতে ব্লাড গ্ৰুপ সন্নিবিষ্ট কৰাটোও বাঞ্চনীয় হ’ব৷ তেওঁ আৰু কয় যে দেশৰ ৩৮ কোটি শ্ৰমিকৰ নাম পঞ্জীয়ন কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰি যোৱা ২৬ আগষ্টত আৰম্ভ কৰা এই প্ৰচেষ্টাত ইতিমধ্যে ২ কোটি২০ লাখ শ্ৰমিকৰ পঞ্জীয়ন হৈছে আৰু এই ক্ষেত্ৰত অসম পঞ্চম স্থানত আছে৷ অসমক দেশৰ প্ৰথম স্থানত অৱস্থান কৰাবৰ বাবে এনেদৰে সজাগতা সভা আয়োজন কৰা হৈছে আৰু এই ক্ষেত্ৰত প্ৰশাসন, সকলো সংস্থা, সংবাদ মাধ্যম আৰু সচেতন লোকসকলে সহায় কৰিব লাগিব বুলি তেওঁ কয়৷ মহাত্মা গান্ধী এনৰেগাৰ শ্ৰমিক, আশা কৰ্মী, কৃষি শ্ৰমিক, গাড়ীচালক, ঘৰুৱা সহায় কৰ্মী, অংগনবাড়ী কৰ্মী, অট্টালিকা নিৰ্মাণ কাৰ্যত নিয়োজিত শ্ৰমিক আদি লোকসকলে এই সুবিধা লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি এই সম্পৰ্কত সকলোকে জনসজাগতা সৃষ্টি কৰিবলৈ তেওঁ আহ্বান জনায়৷ পঞ্জীয়ন শিবিৰলৈ নহাকৈ অনলাইন পদ্ধতিৰে এই সুবিধা ল’ব পাৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ বাবে ট’লফ্ৰি হেল্পলাইন নম্বৰ ১৪৪৩৪ত ফোন কৰি অনলাইন আবেদন পদ্ধতিৰ বিষয়ে বুজ ল’ব পাৰিব৷ 

আনহাতে কামৰূপত নুমলীগড় ৰিফাইনাৰীৰ তেলৰ ভঁড়াল এটা স্থাপন কৰাৰ বাবে আৰু দক্ষতা বিকাশ কেন্দ্ৰ স্থাপনৰ তৎকালীনভাৱে ভূমি নিৰ্দ্ধাৰণ কৰিবলৈও মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনক আহ্বান জনায়৷ তদুপৰি ভাৰতীয় তেল নিগমৰ সদৰ কাৰ্যালয় এমাহৰ ভিতৰত গুৱাহাটীলৈ অনা হ’ব বুলিও তেওঁ কয়৷ অসমত জৈৱিক ইন্ধন প্ৰস্তুতৰ বাবে ব্যৱস্থা গ্ৰহণৰ কথাও তেওঁ উল্লেখ কৰে৷ 

সজাগতা সভাৰ আদৰণি ভাষণ প্ৰদান কৰে শ্ৰম আৰু নিয়োগ বিভাগৰ সচিব মৃদুল মহন্তই৷ অনুষ্ঠানত জিলা উপায়ুক্ত কাৰ্তিকে ভাষণ প্ৰসংগত কয় যে জিলাখনত ইতিমধ্যে ৯২ শতাংশ লোকে আধাৰ কাৰ্ডৰ বাবে পঞ্জীয়ন কৰিছে৷ ৰাষ্ট্ৰ গঠনত অনবদ্য বৰঙনি আগবঢ়োৱা শ্ৰমিকসকলে চৰকাৰী সুবিধা লাভ কৰাত সহায় কৰিবলৈ ই- শ্ৰম পঞ্জীয়নৰ ক্ষেত্ৰতো জিলা প্ৰশাসনে পূৰ্ণ সহযোগ আগবঢ়াব  বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে৷ সভাত বিধায়ক দিগন্ত কলিতা আৰু শৰাইঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ অধ্যাপক ৰামনাৰায়ণ গোস্বামীয়েও ভাষণ প্ৰদান কৰে৷ 

সভাৰ অন্তত মন্ত্ৰী তেলীয়ে কোভিডত প্ৰাণ হেৰুওৱা শ্ৰমিকৰ পৰিয়াল আৰু এই মহামাৰীৰ সময়ত কৰ্মসংস্থান হেৰুওৱা শ্ৰমিকক এককালীন সাহায্য প্ৰদান কৰাৰ উপৰি কেইবাগৰাকী লোকক পেন্সনৰ অনুমোদন পত্ৰও প্ৰদান কৰে৷ আনহাতে  সজাগতা সভাৰ লগত সংগতি ৰাখি ই-শ্ৰম কাৰ্ডৰ বাবে পঞ্জীয়ন কৰিবলৈ অনুষ্ঠিত কৰা পঞ্জীয়ন শিবিৰত ৩৫০ গৰাকী লোকৰ তথ্য সংগ্ৰহ কৰা হয়৷  

এই সভাত কামৰূপৰ অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত প্ৰতীম কাঠকটীয়া, উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰশ্মি প্ৰতাপ, অতিৰিক্ত আৰক্ষী অধীক্ষক আচিফ আহমেদ, শৰাইঘাট মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ডঃ জ্ঞানেন্দ্ৰ নাথ, বিভিন্ন শ্ৰমিক সংগঠনৰ কৰ্ম-কতা, সচেতন নাগৰিক তথা শ্ৰমিকসকল উপস্থিত থাকে ।

No comments