Breaking News

সৰুপথাৰ মহাবিদ্যালয়ত আন্ত:মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা

মাধুৰ্য কোঁৱৰ,ধনশিৰিঃ গোলাঘাট জিলাৰ উচ্চ শিক্ষাৰ এক অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান হৈছে ধনশিৰি মহকুমাৰ  সৰুপথাৰ মহাবিদ্যালয়। শৈক্ষিক ক্ষেত্ৰৰ লগত জড়িত বিভিন্ন দিশৰ লগতে প্ৰত্যক বছৰে মহাবিদ্যালয় খনত ছাত্ৰ একতা সভাৰ উদ্যোগত অনুষ্ঠিত কৰি অহা হৈছে আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা। বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো জিলাখনৰ অগ্ৰণী  শিক্ষানুষ্ঠান সৰুপথাৰ মহাবিদ্যালয়ত সৰুপথাৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু মহাবিদ্যালয় কৰ্ত্তৃপক্ষৰ সহযোগত  আন্ত: মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা খন অহা ইংৰাজী ৯ অক্টোবৰ শনিবাৰে অনুষ্ঠিত কৰিবলৈ লোৱা  হৈছে। 

উক্ত তৰ্ক প্ৰতিযোগিতা খনৰ বিষয় বস্তু হৈছে ''গোলকীয় সন্ত্ৰাসবাদেই বৰ্তমান মানব সভ্যতাৰ  আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান'' (Global terrorism is the greatest threat to humanity today)।তৰ্ক প্ৰতিযোগিতা খন মহাবিদ্যালয় খনৰ মুহিকান্ত তামুলী প্ৰেক্ষাগৃহত দিনৰ ১০ বাজি ৩০ মিনিটৰ পৰা অনুষ্ঠিত হ'ব। তৰ্ক প্ৰতিযোগিতা খনত শ্ৰেষ্ঠ তাৰ্কিক হিচাপে নিৰ্বাচিত জনক নগদ ৭০০০ টকাৰ আৰু কিতাপৰ টোপোলা দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক জনক নগদ ৫০০০ টকা লগতে কিতাপৰ টোপোলা,তৃতীয় শ্ৰেষ্ঠ তাৰ্কিকক নগদ ৩০০০ টকাৰ লগতে কিতাপৰ টোপোলা আৰু বিচাৰকৰ বিশেষ বঁটা  হিচাপে নিৰ্বাচিত জনক ১০০০ টকা দিয়া হ'ব বুলি সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই জানিবলৈ দিয়ে। 

ইফালে মহাবিদ্যালয় খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক শিৱাশীষ শৰ্মাই জনোৱা অনুসৰি উক্ত তৰ্ক প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে  মহাবিদ্যালয় সমূহক আমন্ত্ৰণ জনোৱাৰ লগতে প্ৰতিযোগী সকলৰ সুবিধাৰ্থে  ৯১০১২৭৪১৬৫/ ৯১০১১৯৭২৮ এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

No comments