Breaking News

৩০ অক্টোবৰৰ ভিতৰত ক'ভিডৰ প্ৰথম পালি প্ৰতিষেধক ল'বলৈ গোলাঘাট জিলা প্ৰশাসনৰ ৰাইজৰ প্ৰতি আহ্বান


ডিজিটেল সংবাদ,গোলাঘাটঃ অসম চৰকাৰে ক'ভিড স্বাস্থ্য আচঁনিকে ধৰি ৰাজ্য চৰকাৰৰ আন আঁচনিসমূহৰ সুবিধা লাভ কৰাৰ বাবে ক'ভিডৰ প্ৰতিষেধক গ্ৰহণ কৰাটো বাধ্যতামূলক ঘোষণা কৰিছে।গোলাঘাট জিলা প্ৰশাসনেও জিলাখনৰ এতিয়াও প্ৰতিষেধক গ্ৰহণ কৰিবলৈ বাকী থকা লোকসকলক অচিৰেই প্ৰথম পালি প্ৰতিষেধক ল'বলৈ আহ্বান জনাইছে । ক'ভিড প্ৰতিষেধক প্ৰদান ব্যৱস্থাৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকাই জিলাবাসীক অহা ৩০ অক্টোবৰ, শনিবাৰৰ ভিতৰত ওচৰৰ স্বাস্থ্যকেন্দ্ৰত গৈ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । 

আনহাতে যিসকল লোকৰ দ্বিতীয় পালিৰ সময় হৈছে বা সময় উকলি গৈছে তেওঁলোকক অতি সোনকালে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ কোৱা হৈছে । তেওঁ কয় যে জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগে ক'ভিড প্ৰতিৰোধৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে । কেৱল প্ৰতিষেধক গ্ৰহনেই ইয়াৰ বিৰুদ্ধে প্ৰধান অস্ত্ৰ বুলি তেওঁ মত প্ৰকাশ কৰে । তেওঁ কোনো উৰা বাতৰিত ভোল নগৈ প্ৰতিষেধক গ্ৰহণ কৰি এই যুঁজৰ অংশীদাৰ হ'বলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়।

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ অৰুণোদয়, প্ৰাৰ্থনা আদি আঁচনিসমূহৰ সা-সুবিধাসমূহ এতিয়াৰে পৰা ক'ভিডৰ প্ৰতিষেধক গ্ৰহণৰ স্থিতিৰ সৈতে সংযুক্ত কৰা হ'ব। প্ৰতিষেধক গ্ৰহণ নকৰা কোনো লোকে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিব।ইফালে জিলাখনত ২৬ অক্টোবৰলৈকে মুঠ ৯,৭৪,৬৯৪ পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইয়াৰে ৭,০৪,২১৬ টা প্ৰথম পালি আৰু ২,৭০,৪৭৮ টা দ্বিতীয় পালি প্ৰতিষেধক।

No comments