Breaking News

গোলাঘাটৰ নৰাকোঁৱৰ বনগাঁৱত চুৰিকাণ্ড

ডিজিটেল সংবাদ,গোলাঘাটঃ দুৰ্গোৎসৱৰ মাজতে ইটোৰ পিছত সিটো ঘটনাই জোকাৰিছে খুমটাইত।বুধবাৰে নিশা চুৰিকাণ্ড সংঘটিত হ'ল খুমটাইৰ নৰাকোঁৱৰ বনগাঁৱত । ভাৰতীয় সেনাত কৰ্মৰত অঞ্জন বৰা নামৰ লোকজনৰ ঘৰত চোৰে‌ লুটিলে ২ লক্ষাধিক টকাৰ সম্পত্তি । এখন য়াম্মাহা স্কুটি, এটা লেপটপ,চাৰিটা এনড্ৰইড ফোন,১৫,৭০০ টকাৰ নগদ ধন লুটিলে চোৰে। 

লাডাখ সীমান্তত দেশৰ সেৱা আগবঢ়াই থকা জোৱানজন যোৱা ৯ অক্টোবৰত আহিছিল ঘৰলৈ। মহাষ্টমীৰ পূজা চাবলৈ যোৱাৰ সময়তে তলা ভাঙি বৃহৎ চুৰিকাণ্ড সংঘটিত হোৱা ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল। উল্লেখযোগ্য যে, জোৱানজনৰ পৰিচয় পত্ৰখনো লৈ যায় চোৰে । সেয়ে অন্তত: পৰিচয় পত্ৰ খন ঘুৰাই দি থৈ যাবলৈ কাতৰ আহ্বান জনাইছে জোৱানজনে। 

ভাৰত সীমান্তৰ লাডাখত -১৭° ছেলছিয়াছ উষ্ণতাত দেশৰ সেৱা আগবঢ়াই থকা এজন জোৱানৰ নিজৰ ঘৰখনেই সুৰক্ষিত নোহোৱাত দুখ ব্যক্ত কৰিছে জোৱানজনে। অৱশ্যে বুধবাৰে ৰাতিয়েই ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

No comments