Breaking News

লাহদৈগড় আৰক্ষীয়ে সাতটা জুৱাৰিক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয়


অজয় দত্ত,টীয়কঃ যোৰহাটৰ লাহদৈগড় আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ পম খেদি বুধবাৰে নিশা অভিযান চলাই সাতটা জুৱাৰিক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয়। জুৱাৰি কেইটাৰ পৰা দুখন দাইচ বৰ্ড, ১১টা দাইচ গুটি, দুটাকৈ দাইচত ব্যৱহাৰ কৰা বাকেট, দুখন প্লাষ্টিক তোল,তিনিটা স্মাৰ্ট ফোন,দুখন স্কুটি,দুখন বাইক আৰু নগদ ১২,০৭৫ টকা জব্দ কৰে। আটক কৰা জুৱাৰি কেইটা ক্ৰমে সীমান্ত দাস(২৬),বিজিত বৰা(৪২), ৰাজা দাস(১৯), ভূৱন গগৈ (৩৫), মাধুর্য শইকীয়া (৩২), মৌচম বৰা(৩৫), আৰু বিদ্যুৎ প্ৰকাশ বৰুৱা (২৮)।

No comments