Breaking News

অসমত উদ্বেগজনকভাৱে হ্ৰাস পাইছে বন ভূমি। দেশৰ বনভূমি হ্ৰাস পোৱা ৰাজ্য সমূহৰ ভিতৰত অসমৰ স্থান অন্যতম।

 

ডিজিটেল ডেস্কঃ ৰাজ্যত ধ্বংসৰ দিশে গতি কৰিছে প্ৰাকৃতিক সৌন্দৰ্য। দ্ৰুতগতিত হ্ৰাস পাইছে অসমৰ সমৃদ্ধ সেউজ ভূমি। আমেৰিকাৰ মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ অধ্যয়নত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য। অসমত উদ্বেগজনকভাৱে হ্ৰাস পাইছে বন ভূমি। ৰাজ্যৰ সৰ্বাধিক বনভূমি হ্ৰাস পোৱা ৰাজ্য সমূহৰ ভিতৰত অসমৰ স্থান অন্যতম। ৰাজ্যখনত অভাৱনীয়হাৰত হ্ৰাস পাইছে বন ভূমি। ৰাজ্যখনৰ ভিতৰত কাৰ্বি-আংলং জিলাত সৰ্বাধিক হ্ৰাস পাইছে বন ভূমি। শেহতীয়াকৈ এই তথ্য পোহৰলৈ আহিছে আমেৰিকাৰ মেৰিলেণ্ড বিশ্ববিদ্যালয়ে চলোৱা এক অধ্যয়নত। 

উক্ত অধ্যয়নৰ মতে  ২০০১ চনৰ পৰা ২০২০ চনলৈ অৰ্থাৎ বিগত ২০ বছৰত অসমত বনভূমি হ্ৰাস পাইছে প্ৰায় ১৪ শতাংশ।  বিশ্ববিদ্যালয়খনে লক্ষাধিক ছেটেলাইট ইমেজ অধ্যয়ণ কৰি এই তথ্য প্ৰকাশ কৰিছে। এইক্ষেত্ৰত ৰাজ্যখনৰ ভিতৰতে সৰ্বাধিক বনভূমি ধ্বংস হৈছে কাৰ্বি-আংলং জিলাত। ইতিমধ্যে জননী লাইভে কাৰ্বি-আংলং আৰু গোলাঘাট জিলাত অৱস্থিত নামবৰ বন্যপ্ৰাণী অভয়াৰণ্যত গছ-গছনি অভাৱনীয় হাৰত হ্ৰাস পোৱাৰ সন্দৰ্ভত এক বাতৰি পৰিৱেশন কৰিছিলোঁ। 



ইতিমধ্যে প্ৰায় ৯৭.৪ কিলো হেক্টৰ  সেউজ ভূমি ধ্বংস হৈছে কাৰ্বি-আংলং জিলাত। কাৰ্বি-আংলং জিলাৰ বিশেষকৈ সিংহাসন পাহাৰৰ এক বৃহৎ অঞ্চলত কৰি অহা জুম খেতি, আদা খেতিয়ে পাহাৰটোৰ বনাঞ্চল ধ্বংসত অৰিহণা যোগাইছে। ইয়াৰ পিছতে অন্যখন জিলা ডিমাহাচাওত প্ৰায় ৬৩.২ কিলো হেক্টৰ সেউজ ভূমি হ্ৰাস পাইছে। ইয়াৰ সমান্তৰাল ভাৱে ৰাজ্যখনৰ শোণিতপুৰ, তিনিচুকীয়া, কোকৰাঝাৰ আদি জিলাতো অধিক হাৰত হ্ৰাস পাইছে সেউজভূমি। 

No comments