Breaking News

আটাছু গোলাঘাট জিলা সমিতিৰ অন্তৰ্গত পুলিবৰ আঞ্চলিক সমিতিখনি পুনৰ গঠন কৰা হয়

ডিজিটেল সংবাদ,গোলাঘাটঃপুলিবৰ ৰঙ্গমঞ্চত সদৌ তাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছু গোলাঘাট জিলা  সমিতিৰ অন্তৰ্গত পুলিবৰ আঞ্চলিক সমিতি খনি দেওবাৰে পুনৰ গঠন কৰা হয়। প্ৰীতম কোঁৱৰক  সভাপতি,হেমন্ত কোঁৱৰক কাৰ্যকৰী সভাপতি আৰু মিন্টু গগৈক সাধাৰণ সম্পাদক হিচাপে লৈ ২১ জনীয়া এখনি পূৰ্ণাংগ সমিতি গঠন কৰা হয়। 

উক্ত সভাত উপস্থিত থাকে আটাছু কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি বসন্ত গগৈ ,আটাছু গোলাঘাট জিলা সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক ৰাজকুমাৰ বেদান্ত বিকাশ গোঁহাই,আটাছু কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক সুনীল গগৈ ,আটাছু গোলাঘাট জিলা সমিতিৰ মুখ্য উপদেষ্টা জ্যোতি প্ৰসাদ গগৈ,জিলা কাৰ্যকাৰী সভাপতি পংকজ গগৈ,জিলা যুটীয়া সম্পাদকদ্বয় দ্বীপজ্যোতি তামূলী,গৌতম লাহন,জিলা মুখ্য প্ৰচাৰ সম্পাদক অংকুৰ কোঁৱৰ,জিলা মুখ্য সাংগঠনিক সম্পাদক পাৰ্থ প্ৰতীম কোঁৱৰ,জিলা সাংগঠনিক সম্পাদক দিগন্ত গগৈ,পুলিবৰ আঞ্চলিক সমিতিৰ মুখ্য উপদেষ্টা বিশ্বজিৎ গগৈ,স্থানীয় যুৱক বিকাশ কোঁৱৰ আৰু অঞ্চলটিৰ কেইওখন গাঁওৰ পৰা প্ৰতিনিধিত্ব আগবঢ়োৱা প্ৰতিনিধি সকল। 

পুৱা পতাকা উত্তোলন কৰে আঞ্চলিক সমিতিৰ সভাপতি অজয় ফুকনে , স্মৃতি তৰ্পণ কৰে প্ৰীতম কোঁৱৰে । উক্ত সভাখনি উদ্বোধন কৰে আঞ্চলিক সমিতিৰ মুখ্য উপদেষ্টা বিশ্বজিৎ গগৈয়ে ।

No comments