Breaking News

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠাকালীন সময়ৰ বলিষ্ঠ নেতা ধৰ্মেশ্বৰ শইকীয়াৰ দেহাৱসান

বাবুল দাস,মেৰাপানীঃ কৃষকনেতা অখিল গগৈৰ নেতৃত্বত টেঙানি অঞ্চলত উচ্ছেদ বিৰোধী, ভূমি অধিকাৰ দাবীৰ উদ্দেশ্যৰে গঠিত বৃহত্তৰ টেঙানি উন্নয়ণ সংগ্ৰাম সমিতিৰ সমান্তৰালভাৱে দৈয়াঙৰ ভূমি পট্টাৰ দাবীত ২০০৪ চনৰ ১৭মাৰ্চত গঠন হৈছিল দৈয়াং মুক্তি সংগ্ৰাম সমিতি। টেঙানি আৰু দৈয়াং মুক্তি স‌ংগ্ৰাম সমিতিৰ স‌গ্ৰামৰ পটভূমিত জন্ম হৈছিল  কৃষক মুক্তি সংগ্ৰাম সমিতি, অসমৰ। মঙ্গলবাৰে মধুমেহ ৰোগত আক্ৰান্ত হৈ দৈয়াং মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠাপক নেতা, পৰৱৰ্তী সময়ত গোলাঘাট জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি, কৃষক মুক্তিৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি হিচাপে দায়িত্ব পালন কৰি থকা বলিষ্ঠ সংগ্ৰামী নেতা মেৰাপানীৰ বিজয়পুৰৰ ধৰ্মেশ্বৰ শইকীয়াৰ মৃত্যুত ৰাজ্যজুৰি গভীৰ শোকৰ ছাঁ পৰিছে। 

কৃষক মুক্তি, ছাত্ৰ মুক্তি, নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে পতাকা অৰ্পণেৰে শোকসমদল উলিয়াই গভীৰ শোক আৰু দুখপ্ৰকাশৰ লগতে কৃষকনেতা তথা বৰ্তমানৰ বিধায়ক অখিল গগৈয়েও মেৰাপানীৰ বিজয়পুৰস্থিত দৈয়াং মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যালয়ত শেষ শ্ৰদ্ধা জ্ঞপন কৰে। অধুনালুপ্ত এখন প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰা ধৰ্মেশ্বৰ শইকীয়াৰ নেতৃত্বত সংগ্ৰাম সমিতিয়ে এক নতুন গতি লাভ কৰিছিল আৰু ২০০৫ চনৰ ৬ মাৰ্চত ভূমি অধিকাৰৰ দাবীত আৰম্ভ কৰা  দৈয়াং টেঙানিৰ পৰা গুৱাহাটী পদযাত্ৰা, ২০০৫চনৰ ২০জুনত আৰম্ভ কৰা চাইকেল সমদলৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল।

সীমা সমস্যা, কৃষক আৰু কৃষিকেন্দ্ৰিক সমস্যা, সমবায় আৰু পঞ্চায়তৰ দুৰ্নীতি বিৰোধী সংগ্ৰামত যথেষ্ট সৱল ভূমিকা থকা কৃষকনেতা ধৰ্মেশ্বৰ শইকীয়াই প্ৰথমাৱস্থাত যথেষ্ট পুলিচী নিৰ্যাতন, সেই সময়ৰ শাসনাধীষ্ঠ চৰকাৰৰ নেতাসকলৰ নিৰ্যাতনৰ সন্মুখীন হৈছিল। তেখেতৰ মৃত্যুত সতীৰ্থ সকল শোকাকূল হৈ পৰাৰ লগতে দৈয়াং মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যালয়ত পতাকা অৰ্ধনমিত কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। 

No comments