Breaking News

মেৰাপানী সীমান্তত জব্দ স্পাচম' প্ৰক্সিভন নামৰ টেবলেট।


বাবুল দাস,মেৰাপানীঃ মেৰাপানী সীমান্তত পুনৰ নিচাযুক্ত টেবলেট জব্দ কৰিলে আৰক্ষী আৰু চি আৰ পি এফে। মঙ্গলবাৰে সন্ধ্যা মেৰাপানী আৰক্ষী আৰু ১৪২ নং চি আৰ পি এফে যুটীয়া অভিযান চলাই  মেৰাপানী টাউনৰ বিজু মেচ ওৰফে বিজু মণ্ডল নামৰ ব্যক্তিজনৰ বাসগৃহৰ পৰা জব্দ কৰে প্ৰায় ৫০০ গ্ৰাম ওজনৰ স্পাচম' প্ৰক্সিভন নামৰ টেবলেট। 

উল্লেখ্য যে, এই নিচাবৰ্ধক টেবলেট সমূহ নগালেণ্ডলৈ সৰবৰাহৰ বাবে মজুত কৰি ৰাখিছিল বুলি জানিব পৰা গৈছে। বৰ্তমানেও অধিক তথ্য আৰু ড্ৰাগছৰ সন্ধানত নিৰাপত্তাৰক্ষীৰ দলটোৱে অব্যাহত ৰাখিছে তালাচী অভিযান। মেৰাপানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল দত্ত আৰু চেক্টৰ বিষয়াৰ নেতৃত্বত ড্ৰাগছৰ বিৰুদ্ধে চলিছিল এই অভিযান।  ইফালে আৰক্ষীৰ অভিযান কালত বিজু মণ্ডল নামৰ ব্যক্তিজন নিজ গৃহৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।

No comments