Breaking News

গোলাঘাটৰ বিশিষ্ট সাহিত্যিক, কবি অমৃত শৰ্মালৈ "কাব্যজ্যোতি বঁটা ২০২১"


ডিজিটেল সংবাদ,গোলাঘাটঃ "অসমীয়া সাহিত্য তথা কাব্য জগতলৈ আগবঢ়োৱা অনবদ্য অৱদান"ৰ বাবে কবি অমৃত শৰ্মাক বিখ্যাত ৰাষ্ট্ৰীয় সামাজিক সংস্থা "Divine Hand Welfare Organisation"য়ে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাগ্মীবৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত ২০২১ বৰ্ষৰ "কাব্যজ্যোতি বঁটা" সন্মান প্ৰদান কৰে। 

পৃথিৱীৰ ৪৭ খন দেশ ভ্ৰমণ কৰা অভিজ্ঞ চিকিৎসক তথা একাধাৰে বোলছবি  নিৰ্মাতা, পৰিচালক,অভিনেতা, সু-সাহিত্যিক ডা: জয় বৰা, বিশিষ্ট সাহিত্যিক  ড: অনিমা গগৈ, ধুবুৰী মহাবিদ্যালয়ৰ অধ্যাপক, সুকবি ড০ জাহান উদ্দিন ভূঞা, বিশিষ্ট সাহিত্যিক ড০ নমিতা ডেকা, সাহিত্য সমালোচক পৰাগ কুমাৰ ভট্টাচাৰ্য, ড° আৰতি কলিতা, কবি মীৰা বৰঠাকুৰ,  বাংগালোৰৰ নিবাসী কবি স্বৰ্ণলতা ডেকা বৰুৱা, বাণী ফুকন, মোহন দত্তকে ধৰি উপস্থিত আছিল বহুকেইগৰাকী স্বনামধন্য ব্যক্তি। সভাখনিৰ শুভাৰম্ভ হয় শিশু শিল্পী প্ৰান্তিকা শৰ্মাৰ এটি ভক্তিমূলক গীতেৰে ।

এনে এটি মহান সন্মানেৰে অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে তথা অসমীয়া সাহিত্য জগতলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে কবিজনাক অভিনন্দন জনোৱাৰ লগতে তেখেতৰ সকলো প্ৰকাৰে উন্নতি কামনা কৰিছে অঞ্চলবাসীয়ে।

No comments