Breaking News

দিছপুৰ থানাত জেৰাৰ সন্মুখীন চিকিৎসক ডাঃ নভনীল বৰুৱা

ডিজিটেল সংবাদঃ দিছপুৰ থানাত জেৰাৰ সন্মুখীন চিকিৎসক ডাঃ নভনীল বৰুৱা। আৰক্ষীয়ে ডাঃ নভনীল বৰুৱাক শুকুৰবাৰৰ ভিতৰত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদানৰ পাছতেই আজি পুৱাই দিছপুৰ থানাত হাজিৰ হয় ৰাজকন্যা বৰুৱাক ৰক্ষণাবেক্ষণত অভিযুক্ত জিএনআৰচিৰ জ্যেষ্ঠ চিকিৎসক ডাঃ নভনীল বৰুৱা। 

আনহাতে, দিছপুৰ থানাত উপস্থিত হৈয়ে সাংবাদিকৰ প্ৰশ্নত চিকিৎসকগৰাকীয়ে কয় যে, 'মই চিনি নাপাওঁ ৰাজকন্যা বৰুৱাক। ৰাজকন্যা বৰুৱা মোৰ কোনো ঘনিষ্ঠ নহয়'। ইয়াৰোপৰি, ৰাজকন্যা বৰুৱাক আইচিইউত ৰখা কথাটোও অস্বীকাৰ কৰে চিকিৎসকগৰাকীয়ে।



ইয়াৰ পূৰ্বে জিএনআৰচিৰ আইচিইউত থকাৰ বাবে ব্যৱস্থা কৰাৰ অভিযোগ উঠিছিল ডাঃ নভনীল বৰুৱাৰ বিৰুদ্ধে। ইতিমধ্যে ৰাজকন্যা বৰুৱাৰ প্ৰেছক্ৰিপছনত নিউৰো ছাৰ্জন বিভাগত ডাঃ বৰুৱাই ভৰ্তি কৰোৱাৰ কথা পোহৰলৈ আহিছিল। ইয়াৰোপৰি, মূৰত আঘাত পোৱা বুলি চিকিৎসালত ভৰ্তি কৰি ৰাখিছিল ৰাজকন্যাক। যাৰ বাবে ৰাজকন্যা শাৰীৰিক অসুস্থতাৰ ভুৱা মেডিকেল ৰিপোৰ্ট দিয়াৰ বাবদ আইপিচি চেক্সন ১৯৩  প্ৰয়োগেৰে গ্ৰেপ্তাৰ হ'ব পাৰে চিকিৎসক ডাঃ নভনীল বৰুৱা।

No comments