Breaking News

সেমেকা স্মৃতিৰ সুবাস~৬ষ্ঠ খণ্ড



                            মালবিকা শৰ্মা, ভুবনেশ্বৰ


কি খবৰ? দুয়ো একে সময়তে কৈ উঠিল কথাষাৰ। এক মুহুৰ্তৰ বাবে ৰৈ, দুয়ো দুয়োলৈ চাই সশব্দে হাঁহি উঠিল। পৰিবেশটো সহজ হৈ অহা দেখি মলয়ৰ ভাল লাগিল।ববিতাই আৰম্ভ কৰিলে- ভালেই আছো দিয়া মানে খুবেই সুখত আছো। ভগৱানৰ কৃপাত শ্ৰীমানৰ লগতে ঘৰৰ মানুহখিনিও বৰ ভাল পাইছো। কথাখনি সহজভাৱেৰে ববিতাই ক’লেও ৰাধাই কোৱা কথাবোৰ মলয়ৰ মনলৈ আহি থাকিল। সি তাইলৈ চাই ক’লে- বৰ ভাল লাগিল শুনি ববিতা। বৰ্তমান যুগত মানুহখিনি ভাল পাইছা যেতিয়া ইয়াতকৈ বেলেগ আৰু কি দৰকাৰ? 

      ববিতাই আগৰ দৰে ৰাংঢালি স্বভাৱটোৰে কৈ উঠিল- আৰে বাদ দিয়াচোন মোৰ কথা। তোমাৰ বিষয়ে এতিয়া কোৱাচোন। ইমান বছৰে কিয় নহাকৈ আছিলা, কি হৈছিল তোমাৰ? সংসাৰত কোন কোন আছে? ববিতাৰ কথাৰ মাজতে কথা কৈ উঠিল মলয়ে- ৰ’বাচোন, বাপৰে, কিমান প্ৰশ্ন কৰিছা। ভালকৈ উশাহটো লোৱাচোন। তুমি সেই আগৰ দৰেই আছা, অলপো সলনি হোৱা নাই। হ’ব বাৰু শুনা বুলি কৈ  সি আৰম্ভ কৰিলে কেনেকৈ মাক-দেউতাকৰ মৃত্যু হোৱাৰ পিছত তাৰ পৈত্ৰিক ঘৰখনৰ প্ৰতি একেবাৰে আগ্ৰহ নোহোৱা হ’ল, আহিবৰ ইচ্ছাটোও নোহোৱা হৈ গ’ল। সেয়ে লাহেলাহে অফিচৰ কামতেই সি ব্যস্ত হৈ থকা কৰিলে। 

      ববিতাই সুন্দৰ গভীৰ চকুহালেৰে তালৈ একান্তমনে চাই কথাবোৰ শুনি গ’ল। কথাখিনি কৈ মলয়ে সামান্য বিৰাম লোৱা দেখি তাই শেষৰটো প্ৰশ্ন আকৌ এবাৰ সুধিলে, সংসাৰত কোন কোন আছে? মলয়ে ভালদৰে জানে তাইৰ এই প্ৰশ্নৰ উত্তৰ জানিবলৈ ইমান আগ্ৰহী কিয়। সি কথাটো ক’বলৈ আৰম্ভ কৰোতেই ভিতৰৰপৰা এখন ট্ৰেত এগিলাচ পানী, একাপ চাহ আৰু এখন প্লেটত বিভিন্ন খোৱা বস্তু সজাই লৈ হৰি ওলাই আহিল। ববিতাই ট্ৰেৰ পৰা বস্তুবোৰ আনি মলয়ৰ সন্মুখত থলে আৰু হৰিক যাবলৈ দিলে। হৰিয়ে যাওতে কৈ গ’ল ববিতাৰ মাকৰ নিৰ্দেশমতে আজি মলয়ৰ বাবেও ভাত বহাইছে।

        ববিতাই বাৰেবাৰে মলয়ক চাহ খাবলৈ কৈ থাকিলেও তাইৰ চকুৰ অনুসন্ধিৎসু চাৱনি দেখি মলয়ে কোনো ভূমিকা নকৰাকৈ আৰম্ভ ক’লে- মোৰ সংসাৰত কোনো নাই ববিতা। ময়েই মোৰ সংসাৰৰ একমাত্ৰ মানুহ। অফিচৰ কাম-কাজবোৰ লৈ ব্যস্ত হৈ থাকোতেই ইমানবোৰ বছৰ পাৰ হৈ গ’ল গমেই নাপালো। সংসাৰ এখন পতাৰ চিন্তাই মনলৈ নাহিল। মা-দেউতা থাকিলেও হয়তো এই বিষয়ে আলোচনা-বিলোচনা হৈ থাকিল হয়। কিন্তু কি কৰিবা আৰু এই বুলি কয় মলয়ে ববিতালৈ চালে। তাইৰ  সুন্দৰ গভীৰ চকুহালক ইতিমধ্যে বিষন্নতাই যেন আগুৰি ধৰিছে। কোনো কথা নোকোৱাকৈ তাই তাৰপিনে চাই ৰ’ল।

(আগলৈ)

No comments