Breaking News

চৰাইদেউত বিশ্ব ঐতিহ্য সপ্তাহৰ কাৰ্যসূচীৰ শুভাৰম্ভ


মৃত্যুঞ্জয় দাস,সোণাৰিঃটাই আহোম ধৰ্মীয় প্ৰাৰ্থনা আই-চিং লাও পৰিৱেশনেৰে  চৰাইদেউ মৈদামক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ শুভাৰম্ভ কৰা হয়। খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগ প্ৰত্নতত্ব সঞ্চালকালয়ৰ উদ্যোগত আজিৰেপৰা ২৫ নৱেম্বৰলৈকে বিশ্ব ঐতিহ্য সপ্তাহৰ কাৰ্যসূচী ৰূপায়ন কৰা হ'ব। চৰাইদেউ মৈদামক্ষেত্ৰত আজি অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহনৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। 

পদ্মশ্ৰী যোগেন্দ্ৰনাথ ফুকন আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা উদ্বোধনী অনুষ্ঠানত চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱা, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, শিক্ষাবিদ ড০ দয়ানন্দ বুঢ়াগোহাঁই, প্ৰাক্তন মন্ত্ৰী হিৰণ্য কোঁৱৰ, সোণাৰিৰ প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈ উপস্থিত থাকে।

No comments