Breaking News

গোলাঘাটত বিশেষভাৱে সক্ষম লোকৰ অধিকাৰ আইন, ২০১৬ সন্দৰ্ভত সজাগতা অনুষ্ঠান সম্পন্ন


ডিজিটেল সংবাদ,গোলাঘাটঃ বিশেষভাৱে সক্ষম লোকৰ অধিকাৰ আইন, ২০১৬ সন্দৰ্ভত প্ৰশাসনিক বিষয়া আৰু বিভিন্ন বিভাগৰ জিলা পৰ্যায়ৰ মুৰব্বী তথা কৰ্মচাৰীসকলক সজাগ কৰাৰ উদ্দেশ্যে আজি গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত এটা সজাগতা কাৰ্যসূচী ৰূপায়ন কৰা হয় । জিলা প্ৰশাসনৰ সৌজন্যত আৰু প্ৰেৰণা প্ৰতিবন্ধী শিশু বিকাশ কেন্দ্ৰ, যোৰহাটৰ সহযোগত, বিশেষভাৱে সক্ষম লোকৰ আয়ুক্তৰ উদ্যোগত অনুষ্ঠিত সভাত দিব্যাংগসকলৰ অধিকাৰ আইন সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। অনুষ্ঠানত বিশেষভাৱে সক্ষম লোকৰ আয়ুক্ত দেৱেশ্বৰ বৰাই দিব্যাংগ লোকসকলৰ অধিকাৰ আৰু তেওঁলোকৰ ২১ টা শ্ৰেণী সন্দৰ্ভত পাৱাৰপইণ্ট প্ৰেজেণ্টেচনৰ সহায়ত বিতংভাৱে বৰ্ণনা কৰে । তেওঁ দিব্যাংগ লোকসকল যাতে তেওঁলোকৰ অধিকাৰসমূহৰ পৰা বঞ্চিত নহয় তাৰ বাবে প্ৰতিটো বিভাগক সজাগ হৈ কাম কৰিবলৈ আহ্বান জনায় । 

প্ৰসংগক্ৰমে তেওঁ যিকোনো চৰকাৰী চাকৰিত দিব্যাংগৰ বাবে ৪ শতাংশ সংৰক্ষণ, তেওঁলোকৰ সৰ্বাত্মক শিক্ষা, উচ্চশিক্ষাৰ ক্ষেত্ৰত ৫ শতাংশ সংৰক্ষণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টনৰ ক্ষেত্ৰত ৫ শতাংশ সংৰক্ষণ, ছয়ৰ পৰা ১৮ বছৰ বয়সৰ ল'ৰা-ছোৱালীৰ বিনামূলীয়া শিক্ষা সুনিশ্চিত কৰা আদি বিষয়সমূহৰ ওপৰত আলোকপাত কৰে । তেওঁ দিব্যাংগ লোকসকলক লৈ সংবেদনশীল হ'বলৈ সকলোকে আহ্বান জনাই কয় যে যিকোনো ৰাজহুৱা স্থান বা কাৰ্যালয়ত যাতে বিশেষভাৱে সক্ষম লোকসকলে চলা-ফুৰা কৰিব পৰাকৈ সকলো সা-সুবিধা থাকে আৰু তেওঁলোকে যাতে কোনো সমস্যাৰ সন্মুখীন নহয় সেইয়া সুনিশ্চিত কৰাৰ বাবে প্ৰতিজন বিষয়া-কৰ্মচাৰী দায়বদ্ধ হ'ব লাগিব । 

কাৰ্যালয়সমূহত ৰেম্প বা লিফ্টৰ ব্যৱস্থা কৰা, শিক্ষানুষ্ঠানসমূহতো সকলো সা-সুবিধাৰ ব্যৱস্থা কৰা, ৰেলৱে ষ্টেচন, বাছ আস্থান, ৰাজপথ আদিত তেওঁলোকৰ বাবে ভ্ৰমণৰ অনুকূল ব্যৱস্থা সুনিশ্চিত কৰা আদি বিষয়ত তেওঁ গুৰুত্ব আৰোপ কৰে । দিব্যাংগ লোকসকলে যাতে চৰকাৰৰ সকলো সা-সুবিধা লাভ কৰে তাৰ বাবে বিশেষভাৱে সক্ষম লোকৰ একক পৰিচয় পত্ৰ চমুকৈ ইউ ডি আই ডি কাৰ্ডৰ বাবে নাম পঞ্জীয়ন কৰিবলৈ তেওঁ দিব্যাংগসকলৰ প্ৰতি আহ্বান জনায় । তেওঁ দিব্যাংগ লোকসকলক অৱহেলা কৰিলে বা তেওঁলোকৰ অধিকাৰ খৰ্ব কৰিলে আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হয় বুলিও উল্লেখ কৰে । তেওঁ প্ৰতিটো বিভাগকে এই দিশত সজাগ হৈ  কাম কৰিবলৈ আহ্বান জনায় । অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী আৰু জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল।

No comments