Breaking News

গুৱাহাটী ৰেঞ্জ আৰু ডব্লিউচিচিবি দলৰ যুটীয়া অভিযানত জি এছ ৰোডত পেংগুইনৰ ছালৰ সৈতে তিনি চোৰাং সৰবৰাহকাৰী আটক।



পঙ্কজ নাথ: গুৱাহাটী মহানগৰীৰ জি এছ ৰোডত লিলি হোটেল, ছয়মাইলৰ ওচৰত কালি বুধবাৰে নিশা তিনি বন্যপ্ৰাণীৰ ছাল সৰবৰাহকাৰীক ওৱেগনাৰ বাহন সহ আটক কৰা হয়। বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰো, জিঅ'আইৰ ইনপুট অনুসৰি, গুৱাহাটী ৰেঞ্জ আৰু ডব্লিউচিচিবি দলৰ সৈতে এক যুটীয়া অভিযানত এই তিনিজনক আটক কৰা হয়। আটকাধীন তিনিজন অভিযুক্ত কামৰূপৰ ছয়গাঁও থানাৰ অন্তৰ্গত ক্ৰমান্বয়ে ৰেকিব আলী (৩২ ), জাহিৰ খান (৩৬), সোমেজ উদ্দিন (৩৫) বুলি জানিব পৰা গৈছে । এই তিনিজনে কালি এএছ-25-এছ-8131 নম্বৰৰ এখন ওৱেগনাৰ বাহনৰ জৰিয়তে পেঙ্গোলিনৰ ছাল প্ৰায় ৬০০ গ্ৰাম সৰবৰাহ কৰোঁতে হাতেলোটে গ্ৰেপ্তাৰ কৰা হৈছিল। গ্ৰেপ্তাৰৰ সময়ত তেওঁলোকক তালাচী চলাই ৩ টা মোবাইল ফোন আৰু ১ টা ডিজিটেল ওজন যন্ত্ৰও উদ্ধাৰ কৰাৰ লগতে তেওঁলোকে লৈ অহা বাহনখন জব্দ কৰা হয়। গ্ৰেপ্তাৰকাৰী আৰু জব্দ কৰা সামগ্ৰীবোৰ অধিক অনুসন্ধানৰ বাবে কালি গুৱাহাটী ৰেঞ্জৰ কাৰ্যালয়লৈ অনা হৈছিল আৰু আজি গুৱাহাটী মেট্ৰ'ৰ চিজেএম আদালতত হাজিৰ কৰোৱা হয়। গোচৰটোৰ অধিক তদন্তৰ বাবে বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত গুৱাহাটী ৰেঞ্জত কালি ১৬ মাৰ্চ তাৰিখে অপৰাধ নং-জি/১৬৪ ৰ সৈতে আন এটা গোচৰ ৰুজু কৰা হৈছে বুলি গুৱাহাটী ৰেঞ্জৰ ৰেঞ্জাৰ প্ৰাঞ্জল বৰুৱাই জানিবলৈ দিছে ।

No comments