Breaking News

দেৱৰাজ ৰয় মহাবিদ্যালয়ত বিশ্ব বন্যপ্ৰাণী দিৱস উদযাপন



ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ ঐতিহ্য মণ্ডিত দেৱৰাজ ৰয় মহাবিদ্যালয়ত যোৱা ৪ মাৰ্চত বিশ্ব বন্যপ্ৰাণী দিৱস উদযাপন কৰা হয়।মহাবিদ্যালয়ৰ বায়'লজিকেল চাইন্স ফ'ৰামৰ উদ্যোগত উক্ত দিৱসৰ লগত সংগতি ৰাখি " ৱাইল্ডলাইফ্ কনজাৰভেশ্যন্ ইন চেন্ট্ৰেল আচাম" শীৰ্ষক এখনি বিশেষ বক্তৃতানুষ্ঠান আয়োজন কৰা হয়। মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ  ড° জয়ন্ত বাৰুকিয়াল ডাঙৰীয়াই  সভাৰ আৰম্ভণিতে শুভেচ্ছা মূলক বক্তব্য আগবঢ়াই।অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড° ৰাজীৱ বসুমতাৰী।অনুষ্ঠানটি এগছি বন্তি প্ৰজ্বলনেৰে উদ্বোধন কৰে এই কলেজৰে প্ৰাণীবিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° অমৰেন্দ্ৰ নাথ দত্ত দেৱে।  তেওঁ উদ্বোধনী ভাষণত উল্লেখ কৰে যে পাৰিপাৰ্শ্বিকতা সুন্দৰ কৰি ৰাখিবলৈ হ'লে আমি বন্যপ্ৰাণীৰ সংৰক্ষণ আৰু সজাগতামূলক  পদক্ষেপ ল'ব লাগিব।সভাৰ সমল ব্যক্তি ড° বসুমতাৰী দেৱে পাৱাৰ পইণ্ট উপস্থাপনৰ দ্বাৰা  বন্যপ্ৰাণী ৰ লগত মানৱসমাজৰ সহৱস্থান কিদৰে কৰিলে ফলপ্ৰসূ হ'ব তাৰ এক বিশদ ব্যাখ্যা আগবঢ়াই আৰু লগতে বন্যপ্ৰাণী সংৰক্ষণত  সামাজিক আৰু ৰাজনৈতিক দুয়োপক্ষৰ সহযোগীতা নিত্যান্তই প্ৰয়োজনীয় বুলি তেওঁ সদৰি কৰে।উক্ত সভাত মহাবিদ্যালয়ৰ প্ৰশাসনীয় উপাধ্যক্ষা, শৈক্ষিক উপাধ্যক্ষ ৰ লগতে অধ্যাপক,অধ্যাপিকা,কৰ্মচাৰী,গৱেষক, গৱেষিকা আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। বায়'লজিকেল চাইন্স ফ'ৰাম ৰ সদস্য তথা মহাবিদ্যালয়ৰ উদ্ভিদবিজ্ঞান বিভাগৰ অধ্যাপক ফিৰোজ কেম্পৰায়ে অনুষ্ঠানটি আঁত ধৰে আৰু শেষত ঈশানী শইকীয়াই শলাগৰ শৰাই আগবঢ়ায়।

No comments