Breaking News

গোলাঘাট জিলাৰ নতুন ন্যায়িক আদালত ভৱন মুকলি

 ন্যায়ৰ ৰঙত কেতিয়াও ভিন্নতা নাথাকে, ন্যায়ৰ ৰং সদায় একেঃ এটা উৎকৃষ্ট ভৱন নিৰ্মাণ কৰা মানেই যে ন্যায় ব্যৱস্থাও উৎকৃষ্ট হ'ব তেনে নহয় । ন্যায় ব্যৱস্থা সুলভ, উৎকৃষ্ট তথা যথাৰ্থ হ'লেহে এনে এটা মহৎ তথা আটকধুনীয়া ভৱনৰ গৰিমা অটুট থাকিবঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুধাংশু ধুলীয়া 



ডিজিটেল সংবাদ, গোলাঘাটঃ  গোলাঘাট নগৰত নিৰ্মাণ কৰা গোলাঘাট জিলাৰ নতুন ন্যায়িক আদালত ভৱনটো আজি মুকলি কৰা হয় । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুধাংশু ধুলীয়াই ভৱনটো আনুষ্ঠানিকভাৱে মুকলি কৰে । এই উপলক্ষে ভৱনৰ প্ৰথম মহলাত আজি আয়োজিত শুভাৰম্ভ অনুষ্ঠানত অংশ লৈ মুখ্য ন্যায়াধীশ গৰাকীয়ে গোলাঘাটৰ চহকী ইতিহাসৰ বিষয়ে উল্লেখ কৰি ন্যায় ব্যৱস্থাৰ সৈতে জড়িত জিলাখনৰ দুগৰাকী পুৰোধা ব্যক্তি ৰায় বাহাদুৰ ঘনশ্যাম বৰুৱা আৰু কৃষ্ণ প্ৰসাদ দুৱৰাক স্মৰণ কৰে । তেওঁ কয় যে এনে এটা উৎকৃষ্ট ভৱন নিৰ্মাণ কৰা মানেই যে ন্যায় ব্যৱস্থাও উৎকৃষ্ট হ'ব তেনে নহয় । ন্যায় ব্যৱস্থা সুলভ, উৎকৃষ্ট তথা যথাৰ্থ হ'লেহে এনে এটা মহৎ তথা আটকধুনীয়া ভৱনৰ গৰিমা অটুট থাকিব বুলি তেওঁ কয় । উচিত ন্যায় প্ৰদানৰ বাবে সুস্থ মগজু আৰু সুস্থ হৃদয়ৰ নিতান্তই প্ৰয়োজন বুলি উল্লেখ কৰি তেওঁ কয় যে ন্যায়ৰ ৰঙত কেতিয়াও ভিন্নতা নাথাকে, ন্যায়ৰ ৰং সদায় একে, ইয়াত কোনো ধৰণৰ বিভেদ থকা উচিত নহয় । ন্যায়ৰ এই আটকধুনীয়া ভৱনটোলৈ অহা কোনো ব্যক্তিয়ে যাতে কেতিয়াও তেঁওৰ সৈতে অন্যায় হোৱা বুলি অনুভৱ নকৰে সেইয়া সুনিশ্চিত কৰাটো জৰুৰী বুলিও তেওঁ মত প্ৰকাশ কৰে । আব্ৰাহাম লিংকনৰ উদ্ধৃতি দি তেওঁ কয় যে দৃঢ়তা, পৰিশ্ৰম আৰু অধ্যয়নেহে ন্যায় ব্যৱস্থাৰ সৈতে জড়িত এজন ব্যক্তিক সফল হোৱাত সহায় কৰিব পাৰে । তেওঁ আদালত চৌহদত পুথিভঁৰাল স্থাপনৰ পোষকতা কৰি প্ৰতিগৰাকী অধিবক্তাক নিয়মীয়াকৈ পঢ়া-শুনা কৰিবলৈ আহ্বান জনায় । ন্যায়াধীশসকলক উদ্দেশ্যি তেওঁ কয় যে অভিযুক্ত অথবা গোচৰীয়া যিয়েই নহওক সকলোৱে যেন ন্যায় ব্যৱস্থাটোৰ প্ৰতি এটা ইতিবাচক ধাৰণা লৈহে এই ভৱনৰ পৰা ওলাই যায় তাৰ প্ৰতি সদায় সতৰ্ক হ'ব লাগিব । তেওঁ লগতে ন্যায়াধীশসকলক অধিবক্তা, গোচৰীয়া আৰু বিভিন্ন পক্ষৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায় । এটা উৰ্দু শ্বায়েৰিৰে তেওঁ ন্যায় ব্যৱস্থাৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিকে অন্য মানুহৰ প্ৰতি উচিত আচৰণ কৰিবলৈ আহ্বান জনায় ।



অনুষ্ঠানত ভাষণ দি জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই ইতিহাস প্ৰসিদ্ধ দৈয়াং-ধনশিৰি উপত্যকা আৰু গোলাঘাট জিলাৰ সমৃদ্ধিশালী বুৰঞ্জীৰ বিৱৰণ দাঙি ধৰে । গোলাঘাটৰ ভিতৰতে আটাইতকৈ ওখ এই আদালত ভৱনটো অতি আটকধুনীয়া ৰূপত নিৰ্মাণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ প্ৰতিখন জিলাতেই এনে ভৱন নিৰ্মাণৰ পোষকতা কৰে । 



অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুমন শ্যামেও ভাষণ দিয়ে । তেওঁ কয় যে আন্তগাঁথনি উন্নয়ন এটা ধাৰাবাহিক প্ৰক্ৰিয়া । এটা উন্নত ভৱনে ন্যায় ব্যৱস্থা এটা যথাৰ্থ হোৱাটো নুবুজায়, কিন্তু এনে এটা ভৱনে ন্যায় ব্যৱস্থাটোত এটা সুস্থিৰ পৰিৱেশ অনাৰ দিশত কাম কৰাৰ বাবে এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰাত নিশ্চিতভাৱে সহায় কৰে । এই ক্ষেত্ৰত তেওঁ ইয়াৰ সৈতে জড়িত প্ৰতিজন ব্যক্তি তথা গোলাঘাট উকীল সন্থাক অভিনন্দন তথা ধন্যবাদ জ্ঞাপন কৰে । উকীল আৰু বিচাৰপীঠৰ মাজৰ সহযোগিতাই ন্যায় ব্যৱস্থাটোক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলিও তেওঁ কয় । 



অনুষ্ঠানত আদৰণি ভাষণ দি জিলা আৰু সত্ৰ ন্যায়াধীশ বিনোদ কুমাৰ চন্দকে ভৱনটো নিৰ্মাণৰ সৈতে জড়িত সকলো পক্ষকে ধন্যবাদ জ্ঞাপন কৰে । তেওঁ কয় যে এই ভৱন নিৰ্মাণ হোৱাৰ পাছত এতিয়াৰে পৰা অসামৰিক, বাণিজ্যিক, জুভেনাইল, পক্স', জিলা আইন সেৱা প্ৰধিকাৰী আৰু অন্যান্য আদালতসমূহ একেটা চৌহদতে থাকিব । অনুষ্ঠানত গোলাঘাট উকীল সন্থাৰ সভাপতি দিপম ৰঞ্জন সন্দিকৈ, আৰক্ষী অধীক্ষক সুমিত শৰ্মা, ন্যায়াধীশ, অধিবক্তা আৰু ন্যায় ব্যৱস্থাৰে জড়িত ভালেসংখ্যক লোক উপস্থিত আছিল । 



উল্লেখযোগ্য যে লোকনিৰ্মাণ (গৃহ) বিভাগে নিৰ্মাণ কৰা ২৯,৫৬,৪৯,৮১২ টকা ব্যয়সাপেক্ষ এই অত্যাধুনিক ভৱনটোত মুঠ ছটা মহলা আছে । মুঠ এবিঘা, ৪ কঠা, ১৪ লেচা ভূমিত নিৰ্মাণ কৰা প্ৰতিটো মহলাৰ ব্যাসাৰ্ধ ১,৬২৭বৰ্গমিটাৰ । ২০১৪ চনৰ আগষ্ট মাহত এই ভৱনৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল । 

No comments