Breaking News

আন্দামানৰ ওপৰত দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ আত্মপ্ৰকাশ, কেইবাখনো ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা



আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু ইয়াৰ কাষৰীয়া অঞ্চলবোৰত নিম্ন ট্ৰপোস্ফেৰিক স্তৰত দক্ষিণ-পশ্চিমবতাহ শক্তিশালী হোৱাৰ বাবে বৰষুণ বৃদ্ধি পোৱা বুলি বতৰ কাৰ্যালয় তৰফৰ পৰা প্ৰকাশ কৰিছে। বতৰ কাৰ্যালয়ে প্ৰকাশ কৰা মতে, সোমবাৰৰ পৰা বুধবাৰৰ ভিতৰত তামিলনাডুত আৰু পৰৱৰ্তী দুদিনত লাক্ষাদ্বীপ অঞ্চলত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

সোমবাৰে দক্ষিণ-পশ্চিম মৌচুমী বায়ু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জলৈ আগবাঢ়িছে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এই সন্দৰ্ভত কয় যে, চাৰি মাহৰ বাবে বতৰৰ বৰষুণ আৰম্ভ হোৱাৰ সংকেত দিছে যিটো মুখ্যতঃ কৃষি-নিৰ্ভৰশীল অৰ্থনীতিৰ বাবে গুৰুত্বপূৰ্ণ।


ইফালে আইএমডিয়ে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি  "অহা ২-৩ দিনৰ ভিতৰত দক্ষিণ-পশ্চিম মৌচুমী বায়ুদক্ষিণ বংগোপসাগৰৰ আৰু কিছু অংশ, সমগ্ৰ আন্দামান সাগৰ আৰু আন্দামান দ্বীপপুঞ্জ আৰু পূব-মধ্য বংগোপসাগৰৰ কিছু অংশলৈ আগবাঢ়ি যোৱাৰ বাবে পৰিস্থিতি অনুকূল হৈছে।"


লক্ষ্যদ্বীপ আৰু উত্তৰ তামিলনাডু উপকূলত ঘূৰ্ণীবতাহৰ উপস্থিতিয়ে পৰৱৰ্তী পাঁচ দিনত কেৰালা, উপকূলীয় আৰু দক্ষিণ আভ্যন্তৰীণ কৰ্ণাটকত বিচ্ছিন্ন প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰ সৈতে বজ্ৰপাত, ধুমুহা বতাহৰ সৈতে যথেষ্ট ব্যাপক বৰষুণ অহাৰ সম্ভাৱণা আছে। এই সন্দৰ্ভত বতৰ কাৰ্যালয়েও সোমবাৰৰ পৰা বুধবাৰৰ ভিতৰত তামিলনাডুত আৰু পৰৱৰ্তী দুদিনত লাক্ষাদ্বীপ অঞ্চলত ধাৰাবাহিকভাৱে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰে। 

যোৱা সপ্তাহত, বতৰ কাৰ্যালয়ে কৈছিল যে ঘূৰ্ণীবতাহ আছানিৰ অৱশিষ্টাংশৰ ফলত সৃষ্টি হোৱা অনুকূল বতৰৰ পৰিস্থিতিৰ অধীনত দক্ষিণ-পশ্চিম মৌচুমী বায়ু ২৭ মে'ৰ ভিতৰত কেৰালাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।


No comments