Breaking News

কামৰূপ জিলা প্ৰশাসনৰ জৰুৰীকালীন/বান নিয়ন্ত্ৰণ কক্ষৰ টেলিফোন নম্বৰ মুকলি।




পঙ্কজ নাথ, কামৰূপঃ সাম্প্ৰতিক বান পৰিস্হিতিৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলা প্ৰশাসনে নিয়ন্ত্ৰণ/আপদকালীন সেৱাৰ দুটা (District Emergency Operation Centre,Kmrup) টেলিফোন নম্বৰ মুকলি কৰিছে। এই টেলিফোন নম্বৰ দুটা হ'ল ক্ৰমে: ০৩৬১-১০৭৭ আৰু ৯৬৭৮৪৭১০৭১। ২৪x৭(দিনে -নিশাই) সক্ৰিয় এই নম্বৰত যোগাযোগ কৰি জিলাখনৰ বান প্ৰৱণ এলেকাৰ জনসাধাৰণে জিলা প্ৰশাসনৰ জৰুৰীকালীন সেৱা কক্ষৰ সৈতে যোগাযোগ কৰি বান পৰিস্হিতিৰ যিকোনো খবৰ তথা জৰুৰীকালীন পৰিস্হিতি সম্বন্ধে জিলা প্ৰশাসনক জনাব পাৰিব বুলি কামৰূপ জিলা প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিছে।

   

No comments