Breaking News

পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম



অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক জুৰুলা কৰাৰ সময়তে পুনৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বৃদ্ধিয়ে সৰ্বস্বান্ত কৰিছে সাধাৰণ জনতাক । পুনৰ বৃদ্ধি পালে ৰন্ধন চিলিণ্ডাৰৰ মূল্য। ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৩.৫০ টকা বৃদ্ধি হোৱাৰ বিপৰীতে বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি পালে ৮ টকাকৈ।

দেশৰ প্ৰায়বোৰ চহৰত ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য এতিয়া ১০০০ টকাৰ ওপৰ হৈছে। আজি পুৱা পেট্ৰলিয়াম কোম্পানীয়ে ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য ৩.৫০ টকা বৃদ্ধি কৰে। ইয়াৰ লগে লগে ১৪.২ কেজি চিলিণ্ডাৰৰ দাম ১০০০ টকা অতিক্ৰম কৰিলে।ঘৰুৱা চিলিণ্ডাৰৰ উপৰিও আজিৰ পৰা বাণিজ্যিক চিলিণ্ডাৰৰ দামও বৃদ্ধি পাইছে। দুয়োবিধ চিলিণ্ডাৰৰ নতুন দৰ আজিৰে পৰা সমগ্ৰ দেশতে কাৰ্যকৰী কৰা হৈছে। এতিয়া ১৪.২ কেজি আৰু ১৯ কেজি চিলিণ্ডাৰৰ বাবে মানুহে অধিক ধন ভৰিব লাগিব।

No comments