Breaking News

মা তুমি অনন্যা

মাতৃ দিৱস হৈছে মাতৃৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি উদযাপন কৰা এক দিৱস। ইয়াৰ দ্বাৰা, মাতৃ, মাতৃত্ব, সমাজলৈ মাতৃৰ ভূমিকা আৰু শিশু তথা মাতৃৰ সম্পৰ্কক সোঁৱৰা হয়। 




    আজি আন্তজাৰ্তিক মাতৃ দিৱস । মাতৃ দিৱস হৈছে মাতৃৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি উদযাপন কৰা এক দিৱস। ইয়াৰ দ্বাৰা, মাতৃ, মাতৃত্ব, সমাজলৈ মাতৃৰ ভূমিকা আৰু শিশু তথা মাতৃৰ সম্পৰ্কক সোঁৱৰা হয়। 

    পৃথিৱীৰ বিভিন্ন দেশে এই দিৱস উদযাপন কৰি আহিছে যদিও বিভিন্ন সময়ত এই দিৱস উদযাপন কৰা দেখা যায়। বিশেষকৈ মাৰ্চ আৰু মে মাহত এই দিৱস পালন কৰা হয়। বেছিভাগ দেশত মে’ মাহৰ দ্বিতীয় দেওবাৰে মাতৃ দিৱস উদযাপন কৰা হয়। মাতৃ দিৱস এই বছৰ ৮ মে’ত চিহ্নিত কৰা হয়।

    প্ৰথম মাতৃ দিৱস ১৯০৮ চনত পশ্চিম ভাৰ্জিনিয়াত আন্না জাৰভিছে মাতৃ গ্ৰাফটনৰ স্মৃতিত পালন কৰা হৈছিল। ইয়াৰ পিছত মাতৃ দিৱসৰ স্বীকৃতি বিচাৰি আন্না জাৰভিছে সমগ্ৰ আমেৰিকাত প্ৰচাৰ চলায়। পিছলৈ আন্নাই পালন কৰা মাতৃ দিৱসটি আন আন দেশেও পালন কৰিবলৈ লয়। ১৯১২ চনত এই দিৱসে আমেৰিকাত চৰকাৰী স্বীকৃতি লভে আৰু ১৯১৪ চনত ৰাষ্ট্ৰপতি উড্ৰ উইল্‌ছনে জাতীয় দিৱস হিচাপে ঘোষণা । 

    অন্যহাতে ভাৰতত মাতৃ দিৱসৰ ধাৰণা নতুন। যেৱা দশকৰ ভিতৰত ভাৰতত এই দিৱসৰ প্ৰসাৰ  বৃদ্ধি পায়। ক্ৰমে ভাৰতসহ আন আন দেশতো মে’ মাহৰ দ্বিতীয় দেওবাৰে এই দিৱস পালন কৰি অহা হৈছে।

    আজিৰ এই দিনটোত প্ৰত্যেকগৰাকী মাতৃলৈ জননী লাইভৰ তৰফৰ পৰাও জনাইছোঁ আন্তৰিক শুভেচ্ছা, প্ৰতিগৰাকী মাতৃৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। 


No comments