Breaking News

নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দেওবাৰেও অভিভাৱকৰ ভিৰ



    ৰাজ্যত চলি থকা গুণোৎসৱক লৈ এতিয়া বিদ্যালয় কৰ্তৃপক্ষ, অভিভাৱক, ছাত্ৰ ছাত্ৰ, স্থানীয় লোকসকল ব্যাপক তৎপৰতা হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ ব্যতিক্ৰম নহয় নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়খনো। আজি দেওবাৰ দিনাও বিদ্যালয়খনত দেখা গল শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকক। সমাগত গুণোৎসৱক কেন্দ্র কৰি বিদ্যালয়খনৰ অভিভাৱক দীপক ৰাজবংশীৰ সভাপতিত্বত এখন অভিভাৱক সভা অনুষ্ঠিত হয়।  



    বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মহেন শইকীয়াই আঁত ধৰা সভাত মানিক তাঁতী, সংগীতা শইকীয়া ৰাভা, দুলাল ৰবিদাস, নয়নমনী চুতীয়া, প্ৰমোদ দত্ত, গোমন তাতী আদিয়ে। চাৰি শতাধিক অভিভাৱক উপস্থিত থকা সভাত বিদ্যালয়খনৰ শৈক্ষিক দিশ, গুণোৎসৱৰ প্ৰস্তুতি, বাহ্যিক আৰু আভ্যন্তৰীণ আদি সকলো দিশৰ ওপৰত বিশদ ভাৱে আলোচনা কৰে

No comments