Breaking News

ৰামবান সুৰংগ খহি পৰা ঘটনাত এতিয়ালৈকে পাঁচটা মৃতদেহ উদ্ধাৰঃ পাঁচজন শ্ৰমিক এতিয়াও সন্ধানহীন



ৰামবান জিলাৰ মাগৰকোটৰ ওচৰত জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত এটা নিৰ্মাণাধীন সুৰংগ খহি পৰাৰ ফলত ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰে কেইবাজনো শ্ৰমিক। আৱদ্ধ হৈ পৰা শ্ৰমিকসকলক বচাবলৈ অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ।

বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ ৰামবানত খহি পৰা এটা নিৰ্মাণাধীন সুৰংগৰ ধ্বংসাৱশেষৰ পৰা তিনিটা মৃতদেহ উদ্ধাৰ কৰা হৈছিল যদিও কমেও ১০ জন শ্ৰমিক আৱদ্ধ হৈ পৰে সুৰংগৰ খহি পৰা অংশৰ ধ্বংসাৱশেষত।  যাৰ ফলত আৰক্ষী, সেনা আৰু ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ দলৰ দ্বাৰা বৃহৎ উদ্ধাৰ অভিযান চলাই থকা হৈছে।

উদ্ধাৰ হোৱা প্ৰথম মৃতদেহ - বংগৰ এজন শ্ৰমিক। বংগৰ এই শ্ৰমিকজনক শুক্ৰবাৰে উদ্ধাৰ কৰা হৈছেল। 

উল্লেখ্য যে বৃহস্পতিবাৰে নিশা ১০.১৫ বজাত কামৰ আৰম্ভণিতে ৰামবান জিলাৰ খুনি নাল্লাৰ ওচৰৰ ঘাইপথত টি৩ ৰ অডিট সুৰংগটো খহি পৰিছিল। ইয়াৰ লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছিল যদিও শুক্ৰবাৰে ভূমিস্খলন বা অন্যান্য প্ৰতিকূল বতৰৰ পৰিস্থিতিৰ উদ্ধাৰ অভিযানত ব্যাঘাত জন্মাইছিল।


বৰ্তমান আৱদ্ধ হৈ থকা শ্ৰমিকসকলক্ৰমে- যাদৱ ৰয় (২৩), গৌতম ৰয় (২২), সুধীৰ ৰয় (৩১), দীপক ৰয় (৩৩) আৰু পৰিমল ৰয় (৩৮) - বংগৰ, দুই - মুজাফ্ফৰ (৩৮) আৰু ইছৰাত (৩০) - জম্মু-কাশ্মীৰৰ আৰু এজন – শিৱ চৌহান (২৬) অসমৰ। নৱাৰাজ চৌধুৰী (২৬) আৰু কুশী ৰাম (২৫)নেপালৰ।

No comments