Breaking News

গোলাঘাট সত্ৰ ন্যায়ালয়ৰ এজনক যাৱজ্জীৱন কাৰাদণ্ড

 



আজি  গোলাঘাটৰ জিলা ও সত্ৰ ন্যায়ধীশ বিনোদ কুমাৰ চান্দক আদালতে session case no-44/2018,Dergaon p/s case no-51/2018 ৰ গোচৰটোত বিচাৰৰ অন্তত এই গোচৰৰ আচামী বিনোদ পেগুক তেওঁ নিজ পত্নীক  কাঠৰ লাঠিৰে প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগ প্ৰমাণ হোৱাত, তেওঁক ভাৰতীয় দণ্ডবিধি আইনৰ 302 ধাৰাত  যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে ১০ হাজাৰ টকাৰ জৰিমণা বিহে




 লগতে এই জৰিমণাৰ অনাদায় হ'লে অতিৰিক্ত ৩ মাহৰ কাৰাদণ্ডৰে দণ্ডিত কৰি এই গোচৰৰ ৰায় দান কৰে।এই গোচৰটো গোচৰীয়াৰ পক্ষৰ হৈ চৰকাৰী অধিবক্তা প্ৰবীণ ঠেঙাল আৰু আচামী পক্ষৰ হৈ অধিবক্তা  যোগেশ ভূঞাই  চলাইছিল।

No comments