Breaking News

দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাত প্ৰতিবাদে লৈছে হিংসাত্মক ৰূপ

 


যোৱা কেইদিনমানৰ পৰা শ্ৰীলংকাৰ চৰকাৰৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ তীব্ৰতৰ হৈ উঠিছে।  যাৰ ফলত প্ৰতিবাদস্থলীত নিয়োজিত নিৰাপত্তা বাহিনীৰ সৈতে সংঘৰ্ষৰ ঘটনা বৃদ্ধি পাইছে।

"প্ৰতিৰক্ষা মন্ত্ৰালয়ে  ত্ৰি-বাহিনীক ৰাজহুৱা সম্পত্তি লুণ্ঠন কৰা বা আনৰ ক্ষতি কৰা যিকোনো লোকৰ ওপৰত গুলী চালনা কৰিবলৈ নিৰ্দেশ দিছে,"।



প্ৰতিবাদে ইমানেই ভয়ংকৰ ৰূপ লৈছে যে চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীসকলে শ্ৰীলংকাৰ মোৰাতুৱা মেয়ৰ চমন লাল ফাৰ্নাণ্ডো আৰু সাংসদ সনাথ নিশান্থা, ৰমেশ পাথিৰানা, মহিপালা হেৰাথ, থিচা কটিয়াৰাচ্চি আৰু নিমাল লানজাৰ চৰকাৰী বাসগৃহসমূহো জ্বলাই দিছে।


বহু সংখ্যক প্ৰতিবাদকাৰী ৰাজপথত ওলাই আহি
পোডুজানা পেৰামুনাৰ সাংসদসকলক আক্ৰমণ কৰে। আনকি শ্ৰীলংকা পোডুজানা পেৰামুনা (এছএলপিপি)ৰ কিছুমান কাৰ্যালয় জ্বলাই দিয়া বুলি ইতিমধ্যে ডেইলী মিৰ'ৰে প্ৰকাশ কৰিছে।


প্ৰতিবাদকাৰীৰ পৰা বাচিবলৈ শ্ৰীলংকাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষে আৰু তেওঁৰ পৰিয়ালৰ কেইজনমান সদস্যক ট্ৰিঙ্কোমালি নৌ সেনা ঘাটিলৈ স্থানান্তৰিত কৰা হৈছে। হিংসাত্মক প্ৰতিবাদৰ ফলতে তেওঁ প্ৰধানমন্ত্ৰীৰ পৰা পদত্যাগ কৰিছে। পদত্যাগ কৰাৰ এদিনৰ পিছতেই এতিয়া দ্বীপ ৰাষ্ট্ৰখনত কাৰফিউ বাহাল ৰখা হৈছে। 


কলম্বো গেজেটৰ বাতৰি অনুসৰি হেলিকপ্টাৰসমূহক আজি ভিভিআইপিৰ সৈতে ৰাজধানী চহৰৰ পৰা ওলাই যোৱা দেখা গৈছিল আৰু কিছুমানে অনুমান কৰিছিল যে তেওঁলোক ৰাজপাক্ষে পৰিয়ালৰ সদস্য আছিল।


 ইয়াৰ পূৰ্বে আজি কলম্বোৰ পশ্চিম প্ৰদেশত প্ৰতিবাদকাৰীৰ এটা দলে জ্যেষ্ঠ আৰক্ষী বিষয়াক আক্ৰমণ কৰে।


আৰক্ষীয়ে জানিবলৈ দিয়ে যে জ্যেষ্ঠ ডিআইজি কলম্বোৰ বেইৰা হ্ৰদৰ ওচৰত আক্ৰমণৰ সন্মুখীন হৈছিল। লগতে দলটোৱে ডিআইজিৰ বাহনখনৰ ক্ষতিও কৰিছিল।


 


"

No comments