Breaking News

মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহ মন্ত্ৰী অনিল দেশমুখৰ স্বাস্থ্য অৱনতিঃ চিকিৎসালয়ত ভৰ্তি



কাৰাগাৰত বন্দী মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহ মন্ত্ৰী অনিল দেশমুখক মুম্বাইৰ কেইএম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বুকুৰ বিষ, কান্ধৰ বিষৰ বাবে তেওঁক চিকিৎসালয়ৰ আইচিইউত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। এনচিপি নেতা দেশমুখৰ বিৰুদ্ধে ধন দাবীকে ধৰি কেইবাটাও অভিযোগত অভিযুক্ত। এইক্ষেত্ৰত  চিবিআই আৰু এডে গোচৰটোৰ তদন্ত কৰি আছে। ২০২১ চনৰ এপ্ৰিলমাহত চিবিআইয়ে অনিল দেশমুখৰ বিৰুদ্ধে বিত্তীয় দুৰ্নীতিৰ অভিযোগত গোচৰ ৰুজু কৰিছিল। বৰ্তমান দেশমুখ ন্যায়িক জিম্মাত আছে। 


অনিল দেশমুখৰ স্বাস্থ্যৰ সন্দৰ্ভত তেওঁৰ সহায়কজনে কয় যে,  "৭২ বছৰীয়া দেশমুখ 'অনিয়ন্ত্ৰিত উচ্চ ৰক্তচাপ আৰু বুকুৰ বিষ'ত ভুগি আছিল আৰু ২৫ মে'ত চৰকাৰৰ দ্বাৰা পৰিচালিত কেইএম চিকিৎসালয়ত আইচিইউত 'ষ্ট্ৰেছ থেলিয়াম হৃদযন্ত্ৰ পৰীক্ষা'ৰ বাবে ভৰ্তি কৰোৱা হৈছিল।"


প্ৰাক্তন মন্ত্ৰীজনক ২০২১ চনৰ নৱেম্বৰত প্ৰৱৰ্তন সঞ্চালকালয়ে এটা কথিত ধন ৰপ্তানিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল। এই মাহৰ আৰম্ভণিতে, এখন আদালতে দেশমুখৰ এখন ব্যক্তিগত চিকিৎসালয়ত কান্ধৰ অস্ত্ৰোপচাৰৰ অনুমতি বিচৰা আবেদন খাৰিজ কৰিছিল। তেওঁ চহৰখনৰ চৰকাৰৰ দ্বাৰা পৰিচালিত জেজে চিকিৎসালয়ত নিজকে চিকিৎসা কৰাব পাৰিব বুলি আদালতে নিৰ্দেশ দিছিল।


No comments