Breaking News

অসমৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন কেন্দ্ৰ!



অসমৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন কেন্দ্ৰ! সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস প্ৰদান কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। টুইটযোগে এই কথা জনানে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে। বানৰ কবলত ২৬খন জিলাৰ ৫ লক্ষাধিক লোক। শ শ গাঁও এতিয়া বানৰ তলত। । উজনি–নামনি সকলোতে বানত ককবকাইছে বানাক্ৰান্তই। বিভিন্ন স্থানত এতিয়া বানৰ ফলত ব্যাহত পৰিছে যাতায়াত ব্যৱস্থা। বিভিন্ন স্থানত মথাউৰি চিগাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ তথা গড়কাপ্টানী পথৰ ওপৰেৰে বাগৰিছে পানী।

শেহতীয়া অসমৰ বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এক টুইটযোগে অমিত শ্বাহে অসমৰ বান পৰিস্থিতিৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বাৰ্তালাপ কৰাৰ কথা সদৰি কৰিছে।

No comments