Breaking News

ভাৰত আৰু জাপান "প্ৰাকৃতিক অংশীদাৰ" আৰু ভাৰতৰ উন্নয়ন যাত্ৰাত জাপানী বিনিয়োগে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছেঃ মোডী


প্ৰধানমন্ত্ৰী মোডী জাপান ভ্ৰমণ: মোডীয়ে জপানৰ যুৱকসকলক কমেও এবাৰ ভাৰত ভ্ৰমণ কৰিবলৈ আহ্বান জনায়



প্ৰধানমন্ত্ৰী মোদীয়ে কোৱাড নেতাসকলৰ এখন সন্মিলনত অংশগ্ৰহণ কৰিবলৈ দুদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হৈছেগৈ জাপানত । তেওঁ সন্মিলনৰ সময়ত কোৱাড নেতাসকলৰ সৈতে পৃথক দ্বিপাক্ষিক বৈঠকও অনুষ্ঠিত কৰিব। ইয়াৰ পূৰ্বে আজি ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে টকিঅ'ত জাপানৰ ব্যৱসায়িক নেতাসকলৰ সৈতে এক আলোচনাচক্ৰ সন্মিলনত অংশগ্ৰহণ কৰে আৰু ৩০ টাতকৈও অধিক জাপানী কোম্পানীৰ শীৰ্ষ বিষয়া আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰে। ব্যৱসায় কৰাৰ সহজতা উন্নত কৰাৰ বাবে ভাৰতে গ্ৰহণ কৰা শেহতীয়া সংস্কাৰৰ বিষয়ে জাপানৰ ব্যৱসায়িক নেতাসকলক অৱগত কৰে আৰু তেওঁলোকক 'বিশ্বৰ বাবে মেক ইন ইণ্ডিয়া'ৰ বাবে আমন্ত্ৰণ জনায়। প্ৰধানমন্ত্ৰী মোডীয়ে টকিঅ'ত তেওঁৰ প্ৰথম দিনটোতে ইণ্ডো-পেচিফিক ইকনমিক ফ্ৰেমৱৰ্ক অনুষ্ঠানতো অংশগ্ৰহণ কৰে।


মোডীৰ উপৰিও ২৪ মে'ত টকিঅ'ত অনুষ্ঠিত হ'বলগীয়া কোৱাড সন্মিলনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেন, জাপানৰ প্ৰধানমন্ত্ৰী কিছিদা আৰু অষ্ট্ৰেলিয়াৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী এন্থনী এলবানিছে অংশগ্ৰহণ কৰিব।দিনটোৰ পিছতে প্ৰধানমন্ত্ৰী মোডীয়ে জাপানত থকা ভাৰতীয় প্ৰবাসী সকলকো সম্বোধন কৰে যিয়ে মোডী-মোডী আৰু জয় শ্ৰী ৰামৰ শ্লোগানেৰে উষ্ম আদৰণি জনায়। জাপানৰ ভাৰতীয় আৰু জনসাধাৰণক সম্বোধন কৰি মোদীয়ে কয় যে তেওঁ যেতিয়াই জাপান ভ্ৰমণ কৰে তেতিয়াই তেওঁ অপৰিসীম মৰম পায় আৰু বছৰ বছৰ ধৰি বিদেশত থকা স্বত্বেও তেওঁলোকৰ সংস্কৃতিৰ প্ৰতি থকা প্ৰেমৰ বাবে ভাৰতীয়সকলক প্ৰশংসা কৰে।


ভাৰত আৰু জাপান "প্ৰাকৃতিক অংশীদাৰ" আৰু ভাৰতৰ উন্নয়ন যাত্ৰাত জাপানী বিনিয়োগে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে।


No comments