Breaking News

কলিয়াবৰৰ শিলঘাটত প্ৰৱল গঢ়াখহনীয়া, শিলঘাট মৰাপাট কললৈ ভাবুকি



ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰ ৰাজহচক্ৰৰ অন্তৰ্গত শিলঘাটত গঢ়াখহনীয়া ভয়ংকৰ ৰূপ ধাৰণ কৰাত এতিয়া আতংকিত হৈ পৰিছে শিলঘাটবাসী। সমবায় খণ্ডত প্ৰতিস্থিত ৰাজ্যৰ একমাত্ৰ মৰাপাট উদ্যোগ, অসম সমবায় মৰাপাট কল, গান্ধী অস্থিধাম, সুধাকন্ঠ ড০ ভূপেন হাজৰিকা সোঁৱৰণি ৰঙ্গমঞ্চৰ লগতে কামাখ্যা দেৱালয়ৰ মূল পথৰ সন্মুখৰ পথটোৰ  প্ৰতিও তীব্ৰ ভাবুকী কঢ়িয়াই আনিছে গঢ়াখহনীয়াই। বিগত ৫ টা বছৰত অঞ্চলটোৰ হাজাৰ হাজাৰ হেক্টৰ ভূমি খহনীয়াৰ কৱলত  পৰি ইতিমধ্যে নৈৰ বুকুৰ জাহ গৈছে। খহনীয়া প্ৰতিৰোধৰ বাবে অঞ্চলটোত বিভাগীয় ভাবে পাৰ্কুপাইন পেলোৱাৰ ব্যৱস্থা কৰিছিল যদিও কাৰ্যত সফল নহল খহনীয়া প্ৰতিৰোধ কৰাত। একাংশ বিভাগীয় বিষয়া, ঠিকাদাৰৰ দূৰ্নীতি  আৰু অনিয়মৰ  বাবেই শিলঘাটৰ এই খহনীয়া প্ৰতিৰোধ আঁচনি খন সফল নোহোৱা বুলি অভিযোগ উত্থাপিত হৈছে। পৰিনতিত ভয়ংকৰ ৰূপ ধাৰণ কৰা এই খহনীয়াই এতিয়া আতংকিত কৰি তুলিছে স্থানীয় শিলঘাটবাসীক। শিলঘাট কামাখ্যা দেৱালয়ৰ নামনিত, ব্ৰহ্মপুত্ৰ নৈৰ পাৰত থকা অশোকাষ্টমী মেলা কমিটিৰ বৃহৎ ভূমি ইতিমধ্যে নৈৰ বুকুত জাহ গৈছে। তাহানিৰ 'বৃটিছ নগৰী' শিলঘাটত অৱস্থিত জলপৰিবহন বিভাগৰ বন্দৰ টোও দুবছৰৰ পূৰ্বে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে।   বছৰি বান-খহনীয়া পৰিদৰ্শন কৰিবলৈ অহা মন্ত্ৰী- বিধায়কে শিলঘাটবাসীক খহনীয়া প্ৰতিৰোধ কৰাৰ আশ্বাস প্ৰদান কৰি আহিছে যদিও কাৰ্যত আজি পৰ্যন্ত খহনীয়া প্ৰতিৰোধৰ স্থায়ী ব্যৱস্থা হাতত নললে ৰাজ্য চৰকাৰখনে। শিলঘাট ত্ৰিশূলধাৰী মন্দিৰৰ সমীপৰ পৰা বিহডুবিলৈকে শৈলস্পাৰৰ জড়িয়তে বান-খহনীয়াৰ পৰা স্থানীয় ৰাইজক সুৰক্ষা প্ৰদান কৰাৰ দাবী দীৰ্ঘদিনীয়া আছিল যদিও কাৰ্যত আজি পৰ্যন্ত চৰকাৰখনে কোনোধৰণৰ ইতিবাচক সহাৰি নিদিলে বুলিও অভিযোগ উত্থাপিত হৈছে।


No comments