Breaking News

দেৰগাঁৱৰ নৰেন শৰ্মা স্মৃতি পথাৰৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড, দুখনকৈ ব্যৱসায়ী প্ৰতিষ্ঠান ভস্মীভূত

 


ডিজিটেল সংবাদ, দেৰগাঁওঃ দেৰগাঁৱত বুধবাৰে পুৱতি নিশা ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ।দেৰগাঁৱৰ নৰেন শৰ্মা স্মৃতি পথাৰৰ কাষত সংঘটিত হয় এই ঘটনা ।এই অগ্নিকাণ্ডত ফেচন প্লাজা নামৰ এখন জোতাৰ দোকান আৰু ৰূপহী নামৰ এখন ষ্টচনাৰী সামগ্ৰীৰ দোকান জুইত ভস্মীভূত হয় ।দোকান আৰু ইয়াৰ গৃহ সহ কেইবালক্ষাধিক টকাৰ সম্পত্তি বিনষ্ট হোৱাৰ আশংকা কৰা হৈছে । 

পুৱতি নিশা সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

No comments