Breaking News

জি.এ.ই.এফ.ৰ উদ্যোগত মধ্যপ্ৰাচ্যত অসমীয়া ব্যৱসায় সুযোগ আৰু প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা

 


জি.এ.ই.এফ.ৰ  উদ্যোগত মধ্যপ্ৰাচ্যত অসমীয়া ব্যৱসায় সুযোগ আৰু প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা


গুৱাহাটী, ৭জুন : ৫ জুন তাৰিখে গোলকীয় অসমীয়া উদ্যমিতা মঞ্চ (GAEF)ৰ উদ্যোগত  “মধ্যপ্ৰাচ্যলৈ দুৱাৰ মুকলি কৰা(Opening Doors to the Middle East)” ৰ্শীষক  এখন ৱেবিনাৰ অনুষ্ঠিত হয় । ৱেবিনাৰ খনৰ সমল ব্যক্তি সকল আছিল অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক প্ৰফুল্ল শইকীয়া আৰু ৰিয়াৰা এছ’চিয়েটছ, বাহৰেইনৰ  মুখ্য ব্যৱসায়িক বিষয়া জয় ভগৱতী । জি.এ.ই.এফ.ৰ সভাপতি পাৰ্থ গগৈয়ে ৱেবিনাৰ খন উদ্বোধন কৰাৰ লগতে জি.এ.ই.এফ.ৰ ৱেবছাইট https://gaefnortheast.org আনুষ্ঠানিকভাৱে মুকলি হোৱা  কথা ঘোষণা কৰে । ৱেবিনাৰ খনত প্ৰফুল্ল শইকীয়াই বাণিজ্যৰ বিভিন্ন উপায় আৰু পণ্যসমূহৰ তালিকাৰ সৈতে লাভ-লোকচানৰ বিষয়ে ব্যাখ্যা কৰে আৰু জয় ভগৱতীয়ে বাহৰেইন, ইউ এ ই আৰু ইয়াৰ বাহিৰত ব্যৱসায় চলোৱাৰ সুযোগ আৰু প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰে। জি.এ.ই.এফ. হৈছে বিশ্বব্যাপী ব্যৱসায়ৰ বাবে অসমীয়া উদ্যোগীসকলৰ বাবে সুযোগ মুকলি কৰা মঞ্চ। মধ্যপ্ৰাচ্য এখন বিশেষভাৱে গুৰুত্বপূৰ্ণ দুৱাৰমুখ কাৰণ এই বজাৰৰ প্ৰয়োজনীয়তাসমূহ অসমীয়া উদ্যোগীসকলে পূৰণ কৰিব পাৰে। মধ্যপ্ৰাচ্যৰ বজাৰত  প্ৰায় ৩,৫০০ কোটি টকা ৰপ্তানি হয় য’ত  অসমৰ অৰ্থদক্স চাহ( orthodox tea), মিশ্ৰিত চাহ (blended tea) আৰু সেউজীয়া চাহ (green tea) ৰ গৰিষ্ঠ অংশ অন্তর্ভুক্ত হৈছে আছে । আকাশবাণী -দূৰদৰ্শনৰ ইলোৰা গোস্বামীয়ে ৱেবিনাৰখন  পৰিচালনা কৰিছিল  । অসমীয়া উদ্যোগী তথা বিজ্ঞানী ডাঃ বিনয় বৰদলৈয়েও ৱেবিনাৰত অংশগ্ৰহণ কৰিছিল যাৰ বিষ নিৰাময়ৰ ক্ৰীম ‘হাৰ্বোজইণ্ট’ ২০২২ চনৰ আৰম্ভণিতে আমেৰিকাৰ বজাৰলৈ আহিছে । জি.এ.ই.এফ. আমেৰিকা যুক্তৰাষ্ট্ৰৰ সাধাৰণ সম্পাদক  অঞ্জনা বৰদলৈয়ে শলাগৰ শৰাইত ৱেবিনাৰ খনৰ সমল ব্যক্তি, পৰিচালক তথা পাৰ্থ গগৈ, কৃষ্ণ হাজৰিকা, ৰস্না নাথ, তাৰা ভূঞা,  দিব্যা বৰগোহাঁই, ৰীতা কাকতি শ্বাহ, ডাঃ ভাস্কৰ বৰা, অমিত বৰুৱা, পিংকি পাঠক , শকুন্তলা চৌধুৰী,ড° বুলজিৎ বুঢ়াগোহাঁই আদিক  ধন্যবাদ জ্ঞাপন কৰে ।

No comments