Breaking News

গোলাঘাট সত্ৰ ন্যায়াধীশ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান। এজনক ১০ বছৰ আৰু আন এজনক ৫ বছৰৰ কাৰাদণ্ড



গোলাঘাট জিলা সত্ৰ ন্যায়ধীশ বিনোদ কুমাৰ চান্দক আদালতে সোমবাৰে চেচন কেচ নং ১১৫/২০১৭ গোচৰত বিচাৰৰ অন্তত আচামী সুৰজ দুচাদক দোষী পায় ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৪ ভাগ ২ ধাৰাত দহ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে বিশ হাজাৰ টকাৰ জৰিমণা বিহে আৰু জৰিমণা অনাদায় হ'লে অতিৰিক্ত ৩ মাহৰ কাৰাদণ্ড বিহে। এই গোচৰৰ অভিযোগটো আছিল  ২০১৭ চনৰ ৬ জুনত আচামী সুৰজ দুচাদে গোচৰীয়া সুনীল দুচাদৰ লগত তৰ্কবাদ লাগি সুনীল দুচাদক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি জখম কৰে আৰু সেইসময়তে গোচৰীয়াৰ দেউতাকে পুত্ৰক বচাবলৈ যাওঁতে গোচৰীয়াৰ দেউতাক অনথলাল দুচাদক আচামীয়ে ডিঙিত ঘপিয়াই হত্যা কৰে। ঘটনাটো সংঘটিত হৈছিল  দেৰগাঁৱৰ নেঘেৰিটিং বৰলাইনত আচামীৰ ঘৰৰ সন্মুখত।



ইফালে আজি গোলাঘাট জিলা সত্ৰ ন্যায়ধীশ বিনোদ কুমাৰ চান্দক আদালতে special (NDPS) case no 6/2021 গোচৰত বিচাৰৰ অন্তত আচামী  নন্দ মুন্দাক দোষী সাব্যস্ত হোৱাত NDPS Act ৰ 20(B) ধাৰাত পাঁচ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে বিশ হাজাৰ টকাৰ জৰিমণা বিহে আৰু জৰিমণা অনাদায় হ'লে অতিৰিক্ত ৩ মাহৰ কাৰাদণ্ড বিহে। এই গোচৰটোত দেৰগাঁও থানাৰ আৰক্ষীয়ে ২০২১ বৰ্ষৰ ৮ ফেব্ৰুৱাৰীত এক গোপনীয় সংবাদ পায় আচামী নন্দ মুন্দাক দেৰগাঁও চাৰিআলিৰ State Bank ৰ ওচৰত ৪.১৩২ কেজি গাঞ্জা সহ আটক কৰে।গাঞ্জাখিনি তেওঁ এটা বেগত লৈ আহিছিল আৰু ইয়াৰ পাছত আৰক্ষীয়ে তেওঁক আটক কৰি গোচৰ ৰুজু কৰে। উল্লেখযোগ্য বিষয় এয়ে যে আদালতে এই গোচৰটো অতি ক্ষীপ্ৰতাৰে বিচাৰ প্ৰক্ৰিয়া চলাই আজি ৰায় দান কৰে ।



No comments