Breaking News

সৌৰভ গাংগুলীয়ে বিচিচিআইৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিব নেকি? ৰাজনীতিত খোজ দিব নেকি প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে



বৰ্তমান বিচিচিআইৰ মুৰব্বী আৰু ভাৰতৰ সফল অধিনায়ক সৌৰভ গাংগুলীয়ে পদত্যাগ কৰিব নেকি বিচিচিআইৰ সভাপতি পদৰ পৰা। প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীৰ এক টুইটক লৈ সৃষ্টি হৈছে জল্পনা-কল্পনাৰ।  

টুইটাৰৰ জৰিয়তে তেওঁ তেওঁৰ অনুৰাগীসকলৰ সৈতে এটা আপডেট শ্বেয়াৰ কৰে, তেওঁ লিখিছিল: "১৯৯২ চনত ক্ৰিকেটৰ সৈতে মোৰ যাত্ৰা আৰম্ভ হোৱাৰ পৰা ২০২২ চনত ৩০ তম বছৰ। তেতিয়াৰ পৰা, ক্ৰিকেটে মোক বহুত দিছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, ই মোক আপোনালোক সকলোৰে সমৰ্থন দিছে। মই যাত্ৰাৰ অংশ হোৱা, মোক সমৰ্থন কৰা আৰু আজি মই য'ত আছো তাত উপনীত হোৱাত সহায় কৰা প্ৰতিজন ব্যক্তিক ধন্যবাদ জনাব বিচাৰো। আজি, মই কিবা এটা আৰম্ভ কৰাৰ পৰিকল্পনা কৰি আছোঁ যিটোৱে সম্ভৱতঃ বহুতো লোকক সহায় কৰিব বুলি মই অনুভৱ কৰোঁ। মই আশা কৰোঁ যে যদি মোৰ জীৱন হয় তেন্তে মই এই অধ্যায়ত প্ৰৱেশ কৰাৰ লগে লগে আপোনাৰ সমৰ্থন অব্যাহত ৰাখিব।"



এই টুইটৱে আচলতে কিহৰ ইংগিত দিছে তাক স্পষ্টভাৱে প্ৰকাশ পোৱা নাই যদিও তেওঁ যে নতুন পথৰ সন্ধানত নামিছে, সেয়া স্পষ্ট। গোপনীয় টুইটটোৱে পৰৱৰ্তী পদক্ষেপৰ বিষয়ে অনুমান কৰিব পাৰি।  উল্লেখ্য যে বৰ্তমান বিচিচিআইৰ মুৰব্বী আৰু ভাৰতৰ সফল অধিনায়ক হৈ থকা গাংগুলীয়ে অলপতে ভাৰতীয় গৃহ মন্ত্ৰী অমিত শ্বাহক কলকাতাত থকা তেওঁৰ বাসগৃহত সাক্ষাৎ কৰিছিল।

অৱশ্যে গাংগুলীৰ পৰৱৰ্তী পৰিকল্পনা কি হ’ব সেইটো সঠিক কৈ ক’ব পাৰা নাযায় যদিও আজিৰ এই বিষয়টোৱে জল্পনা-কল্পনা বৃদ্ধি কৰিছে।

গাংগুলীয়ে ২০১৯ ৰ শেষৰ ফালে বিচিচিআইৰ সভাপতি হৈছিল আৰু এই পদত অধিষ্ঠিত হৈ আছে। টুইটাৰত তেওঁৰ আপডেটত, তেওঁৰ পৰৱৰ্তী পদক্ষেপৰ কোনো উল্লেখ নাছিল। 

No comments